NORTHEAST NOW (Assamese)
অসম

বিহাৰৰ মুখ্য মন্ত্ৰী নীতীশ কুমাৰক সাক্ষাৎ অগপ প্ৰতিনিধি দলৰ

Posted by: এন ই নাও নিউজ September 29, 2018 8:43 pm
agp leaders meeting bihar cm nitish

নাগৰিকত্ব বিধেয়ক বিৰোধিতাৰ কথা পুনৰ দোহাৰিছে বিহাৰৰ মুখ্য মন্ত্ৰী নীতীশ কুমাৰে।

অগপৰ প্ৰতিনিধি দল এটাই মুখ্য মন্ত্ৰীগৰাকীক পাটনাত শনিবাৰে সাক্ষাৎ কৰা সময়ত পুনৰ এই কথা দোহাৰি এই ক্ষেত্ৰত অগপক সমৰ্থন আগবঢ়াব বুলিও আশ্বাস দিছে কুমাৰে।

অসমৰ সকলো খিলঞ্জীয়া সংগঠনে সৰ্বাত্মক বিৰোধিতা কৰা বিধেয়কখনৰ বিৰুদ্ধে ইতিমধ্যেই ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহকত সিদ্ধান্ত লৈছিল নীতীশ কুমাৰৰ দল জে ডি (ইউ)এ।

এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ লগে লগে নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত স্থিতি স্পষ্ট কৰিব বুলি ঘোষণা কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি অসম বিজেপিৰ নেতাসকলে যোৱা দুমাহে মূৰ পোলোকা মৰাৰ বিপৰীতে বিজেপিৰে মিত্ৰ জেডি (ইউ)ৰ এই স্থিতি তাৎপৰ্য্যপূৰ্ণ বুলি পৰিগণিত হৈছে।

অগপৰ দলটোত আছিল সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, প্ৰাক্তন সভাপতি বৃন্দাবন গোস্বামী, ফণীভূষণ চৌধুৰী, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ডাঃ কমলা কলিতা আৰু ৰমেন্দ্ৰ নাৰায়ণ কলিতা।

বৈঠকত জে ডি (ইউ)ৰ হৈ ভাগ লয় মুখ্য মন্ত্ৰী নীতীশ কুমাৰৰ লগতে দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কে চি ত্যাগী আৰু কেইবাগৰাকীও মন্ত্ৰী, বিধায়ক আৰু সাংসদে।