NORTHEAST NOW (Assamese)

“অগপই একক শক্তিৰে ৮০ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব লাগে” : জন্মদিনৰ দিনাই দলীয় নেতৃত্বক আহ্বান প্ৰফুল্ল মহন্তৰ

December 23, 2025 9:40 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 24, 2025 11:56 am

ঐতিহাসিক অসম আন্দোলনৰ অগ্নিবৰ্ষী ছাত্ৰ নেতা তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ আজি জন্মদিন। সক্ৰিয় ৰাজনীতিৰ পৰা বৰ্তমান আঁতৰত থাকিলেও, নিজে জন্ম দিয়া আৰু গঢ়ি তোলা দল অসম গণ পৰিষদ‘ৰ ভৱিষ্যতক লৈ তেওঁ এতিয়াও সমানেই চিন্তিত।

বঢ়মপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়কগৰাকীয়ে তেওঁৰ জন্মদিনত এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক মন্তব্য কৰি কয় যে, অগপই কোনো মিত্ৰজোঁটৰ ওপৰত নিৰ্ভৰ নকৰাকৈ অন্ততঃ ৮০খন বিধানসভা সমষ্টিত নিজা শক্তিৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱা উচিত।

মহন্তই কয়, “অগপই নিজৰ আদৰ্শ আৰু সাংগঠনিক ক্ষমতাৰ জৰিয়তে নিজৰ শক্তি প্ৰদৰ্শন কৰিব লাগিব।” তেওঁ দলক ৰাজনৈতিক আত্মনিৰ্ভৰশীলতা আৰু আঞ্চলিক পৰিচয় পুনৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে।

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে বৰ্তমানৰ অগপ নেতৃত্বৰ ওপৰত আস্থা প্ৰকাশ কৰি কয় যে দলটোত যথেষ্ট সক্ষম নেতা আছে। যদিহে তেওঁলোকক স্বতন্ত্ৰভাৱে কাম কৰাৰ সুযোগ দিয়া হয়, তেন্তে তেওঁলোকে দলটোক সঠিক দিশত আগুৱাই লৈ যাব পাৰিব।

বিগত কেইবছৰমানত মিত্ৰজোঁটৰ ৰাজনীতিত অগপৰ স্থিতি কিছু সংকুচিত হোৱা বুলি চৰ্চা চলি থকাৰ মাজতে দলটোৰ অন্যতম প্ৰতিষ্ঠাপক মহন্তৰ এই মন্তব্যই ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে।

Related News