NORTHEAST NOW (Assamese)

চমু চাপিছে নিৰ্বাচন: ইভিএম-পেপাৰট্ৰেইল মেচিনৰ পৰীক্ষণ আৰম্ভ নিৰ্বাচন আয়োগৰ

June 9, 2023 4:19 pm · এন ই নাও নিউজ, গুৱাহাটী

চমু চাপিছে ২৪ ৰ লোকসভা নিৰ্বাচন। তদুপৰি চলিত বৰ্ষৰ শেষৰ ফালে তথা আগন্তুক বৰ্ষৰ প্ৰথম সময়ছোৱাত অনুষ্ঠিত হ’ব পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচন। এই নিৰ্বাচনী যুঁজৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশতে ইভিএম আৰু পেপাৰট্ৰেইল মেচিনৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ পৰ্যায়ক্ৰমে আৰম্ভ কৰিছে নিৰ্বাচন আয়োগে।

নিৰ্বাচন আয়োগৰ এগৰাকী বিষয়াই এই সন্দৰ্ভত কয় যে, “এয়া এক সৰ্বভাৰতীয় কচৰৎ। কেৰালাৰ সকলো সমষ্টিকে ধৰি সমগ্ৰ দেশতে পৰ্যায়ক্ৰমে প্ৰথম পৰ্যায়ৰ পৰীক্ষণ অনুষ্ঠিত হ’ব।”

বিষয়াগৰাকীয়ে উল্লেখ কৰা মতে, নিৰ্বাচনমুখী পাঁচখন ৰাজ্য ৰাজস্থান, মিজোৰাম, ছত্তীশগড়, তেলেংগানা আৰু মধ্যপ্ৰদেশৰ লগতে উপ-নিৰ্বাচন হ’বলগীয়া বিধানসভা আৰু সংসদীয় আসনসমূহতো প্ৰথম পৰ্যায়ৰ পৰীক্ষণ অনুষ্ঠিত হ’ব।

বিগত মাৰ্চ মাহত চুৰাট আদালতে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰাৰ পিছতে খালী হৈ পৰা কেৰালাৰ ৱায়ানাদ লোকসভা সমষ্টিত চলি থকা ম’ক প’ল সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত বিষয়াগৰাকীয়ে এই মন্তব্য কৰে।

তেওঁ কয় যে নিৰ্বাচন আয়োগে এনে অনুশীলনৰ বাবে কেলেণ্ডাৰ জাৰি কৰে আৰু ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াসকলে এই নিৰ্দেশনা মানি চলিব লাগে। লক্ষণীয়ভাৱে বৰ্তমান ৱায়ানাদৰ লগতে মহাৰাষ্ট্ৰৰ পুনে আৰু চন্দ্ৰপুৰ, উত্তৰ প্ৰদেশৰ গাজীপুৰ আৰু হাৰিয়ানাৰ আম্বালা লোকসভাৰ আসন খালী হৈ আছে।

উল্লেখ্য যে, প্ৰথম পৰ্যায়ৰ পৰীক্ষণৰ সময়ত ইলেক্ট্ৰনিক ভোটিং মেচিন আৰু পেপাৰট্ৰেইল মেচিনৰ যান্ত্ৰিক ত্ৰুটি সন্দৰ্ভত যন্ত্ৰ দুটাৰ নিৰ্মাতা প্ৰতিষ্ঠান ভাৰত ইলেক্ট্ৰনিকছ্ লিমিটেড আৰু ইলেক্ট্ৰনিকছ্ কৰ্পৰেচন অৱ ইণ্ডিয়া লিমিটেডৰ অভিযন্তাসকলে পৰীক্ষণ কৰে।

এই পৰীক্ষাৰ পিছত ত্ৰুটিপূৰ্ণ মেচিনসমূহ মেৰামতি বা সলনিৰ বাবে প্ৰস্তুতকাৰীক ঘূৰাই দিয়া হয়। ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত মেচিন দুটা পৰীক্ষা কৰিবলৈ ম’ক প’লও অনুষ্ঠিত কৰা হয়।

Related News