NORTHEAST NOW (Assamese)

১৭ নৱেম্বৰৰ সমাৱেশ প্ৰতিহত কৰাৰ সংকল্প : হাতত হেংদাঙ ল’লে আহোম সেনাই

October 23, 2018 6:36 am · পার্শ্বজোতি গগৈ
সোমবাৰে শিৱসাগৰত হাতত হেংদাঙ লৈ সংকল্প লোৱাৰ মুহূৰ্তত আহোম সেনা আৰু টাই আহোম মহিলা পৰিষদৰ সদস্য। ফটো : নৰ্থইষ্ট নাও

১৭ নৱেম্বৰত খানাপাৰাত অনুষ্ঠিত হ’ব লগা থলগিৰি বিৰোধী শক্তিক প্ৰতিহত কৰিবলৈ হাতত হেংদাঙ ল’লে আহোম সেনা আৰু টাই আহোম মহিলা পৰিষদে।

সোমবাৰে শিৱসাগৰৰ সত্যাগ্ৰাহী চহিদ জয়মতী কুঁৱৰীৰ পবিত্ৰ মৈদামত আহোম সেনা আৰু টাই আহোম মহিলা পৰিষদৰ শতাধিক সদস্যই হেংদাঙ শান দি ককাঁলত টঙালি বান্ধি ১৭ নৱেম্বৰত খানাপাৰাত অনুষ্ঠিত হ’ব লগা থলগিৰি বিৰোধী শক্তিক প্ৰতিহত কৰিবলৈ সংকল্প লয়।

হাতত হেংদাঙ লৈ সংকল্প গ্ৰহণ কৰিছে আহোম সেনা আৰু টাই আহোম মহিলা পৰিষদৰ সদস্যই। ফটো : নৰ্থইষ্ট নাও

৯০০ বছৰীয়া ধৰ্মীয় নিৰপেক্ষতাৰ বৰভেটিত সদা জাগ্ৰত, সতৰ্ক, নিৰ্ভীক প্ৰহৰী আহোম সেনা আৰু টাই আহোম মহিলা পৰিষদ অসমৰ শেষ বিন্দু তেজ থকালৈকে অসমীয়া জাতি ধ্বংসী বিধেয়ক খন বিৰোধিতা কৰাই নহয় প্ৰতিহত কৰিবলৈ প্ৰয়োজনত মৰিম কিম্বা মাৰিম বুলিও ব্যক্ত কৰে আহোম সেনা আৰু টাই আহোম মহিলা পৰিষদে।

এখন প্ৰেছ বিজ্ঞপ্তিত তেওঁলোকে লগতে উল্লেখ কৰে যে, কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ গৃহীত কৰিবলৈ গৈ অসমৰ সভ্যতা সংস্কৃতি তথা অসমীয়া জাতিক বিশ্বৰ বুকুৰ পৰা নি:শেষ কৰি দিব বিচৰিছে।

অসমৰ সৰ্বস্তৰৰ ৰাইজে এই বিৰোধিতা কৰাৰ পাছতো যুটীয়া সংসদীয় সমিতিয়ে অসমলৈ পুনৰবাৰ আহি অসমৰ ৰাইজৰ মতামত ল’ব বুলি কৈছিল যদিও অসমলৈ নহাকৈ প্ৰতিবেদন দাখিল কৰিবলৈ লোৱাটো কেন্দ্ৰীয় চৰকাৰৰ এক কুটিল কৌশল বুলি ভাবিবলৈ বাধ্য হৈছে। যাৰ বাবে, সোমবাৰে, হাতত হেংদাঙ লবলৈ বাধ্য হোৱা বুলি সংগঠন দুটাই ব্যক্ত কৰে।

Related News