NORTHEAST NOW (Assamese)

উচ্চতৰ মাধ্যমিকৰ বিশেষ পৰীক্ষাৰ ফলাফল ঘোষণা

December 11, 2021 2:27 pm · এন ই নাও নিউজ, গুৱাহাটী

অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)ৰ বিশেষ পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হৈছে।

প্ৰশিক্ষাৰ্থীসকলে উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ অফিচিয়েল ৱেবছাইট ahsec.assam.gov.in লৈ গৈ ফলাফল পৰীক্ষা কৰিব পাৰে।

যোৱা ১৮ ছেপ্টেম্বৰত তাৰিখে অফলাইন মাধ্যমেৰে এই বিশেষ পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল।

উল্লেখ্য যে ক’ভিড-19 ৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে এই বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষা বাতিল কৰিছিল আৰু আভ্যন্তৰীণ মূল্যায়ন নীতিৰ ওপৰত আধাৰিত কৰি শিক্ষাৰ্থীসকলৰ ফলাফল ঘোষণা কৰিছিল।

উক্ত ফলাফলত সন্তুষ্টি লাভ নকৰা প্ৰশিক্ষাৰ্থীৰ বাবে বিশেষ পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল।

ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ ৩১ জুলাইত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল।

উক্ত ফলাফল অনুসৰি বাণিজ্য শাখাত ৯৯.৫৭ শতাংশ, কলা শাখাত ৯৮.৯৩ শতাংশ আৰু বিজ্ঞান শাখাৰ ৯৯.০৬ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছিল।

Related News