NORTHEAST NOW (Assamese)
অসম

চৰকাৰৰ নতুন শ্ৰমিক নীতিৰ বিৰুদ্ধে যোৰহাটত AICCTU-ৰ দাবী দিৱস ৰূপায়ণ

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক May 12, 2020 9:20 pm

বৰ্তমান চৰকাৰে ৰূপায়ণ কৰিব বিচৰা নতুন শ্ৰমিক নীতিৰ বিৰুদ্ধে আজি AICCTU ৰ কেন্দ্ৰীয় সমিতিয়ে আহ্বান জনোৱা দাবী দিৱস যোৰহাট জিলা সমিতিয়েও ৰূপায়ণ কৰে।

যোৰহাট জিলা সমিতিয়ে টীয়কৰ বৈদিহা ফেছুৱাল তিনি আলি কাৰ্যালয় প্ৰাংগণত এই দাবী দিৱস ৰূপায়ণ কৰে।

দাবী দিৱসৰ দাবী সমূহ আছিল শ্ৰমিক কৰ্মচাৰীৰ দৈনিক কৰ্ম সময় ৮ ঘন্টাৰ ঠাইত ১২ ঘন্টা কৰা সিদ্ধান্ত বাতিল কৰা, শ্ৰম আইন উলংঘা বন্ধ কৰা, চৰকাৰৰ শ্ৰমিক বিৰোধী নীতি বন্ধ কৰা, শ্ৰমিকক গোলাম বনাই মজুৰিৰ মৰ্যদা কামৰ অধিকাৰৰ পৰা বঞ্চিত কৰা চক্ৰান্ত বন্ধ কৰা,  চাহ বাগিচা লাইনত চেনিটাজাৰ দিয়াৰ ব্যৱস্থা কৰা, অখিল গগৈক বিনা চৰ্তে মুক্তি দিয়া।

কাৰ্যসূচীত AICCTU ৰ কেন্দ্ৰীয় কাৰ্যকৰী সদস্য, অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ সাধাৰণ সম্পাদক জিতেন তাঁতী, সংঘৰ টীয়ক চাৰ্কোল সমিতিৰ সম্পাদক ৰামেশ্বৰ ক’ল উপস্থিত থকে।

ইয়াৰ উপৰি উপস্থিত থাকে কেন্দ্ৰীয় সদস্য জেঠুল কৃন্দাল চাওৰ, চি পি আই (এম-এল) লিবাৰেচন দলৰ যোৰহাট জিলা সমিতিৰ সম্পাদক নোমল কুমাৰ চাওঁৰা, সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ যোৰহাট জিলা সমিতিৰ সম্পাদিকা ৰাহিল মুণ্ডা, বিপ্লবী যু্ৱ সন্থা জিলা সভাপতি পবিত্র নায়ক, সদস্য বিবেক মাহলি আদি।