NORTHEAST NOW (Assamese)
অসম

মহাৰাষ্ট্ৰৰ ক’ৰ’নাৰ সংক্ৰমণক লৈ চিন্তা ব্যক্ত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষবৰ্ধনৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 7, 2020 9:10 pm
Corona

সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান, দিল্লীৰ সঞ্চালক ড০ ৰণদ্বীপ গুলেৰিয়াই ভাৰতত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ সম্বন্ধে চাঞ্চল্যকৰ মন্তব্য প্ৰকাশ কৰিছে।

‘‘ভাৰতত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বৰ্দ্ধিত পৰিসংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতত জুন-জুলাই মাহত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰভাৱ সৰ্বাধিক হ’ব,’’ ৰণদ্বীপ গুলেৰিয়াই এইদৰে কয়।

কিন্তু এই ক্ষেত্ৰত বিভিন্ন দিশে ক্ৰিয়া কৰিব বুলি উল্লেখ কৰি জেষ্ঠ চিকিৎসক গৰাকীয়ে এই সম্বন্ধে সময়তহে সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব পৰা যাব বুলি লগতে কয়।

আনহাতে, দেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ হ্ৰাস কৰাৰ বাবে ঘোষণা কৰা ল’কডাউনে কিছু পৰিমাণে ক’ৰ’নাৰ সংক্ৰমণ ৰোধত সহায় কৰিছে যদিও তৃতীয় পৰ্যায়ৰ ল’কডাউনৰ সময়ত বৰ্দ্ধিত সংক্ৰমণৰ ঘটনাই সকলোকে চিন্তিত কৰি তুলিছে বুলিও তেও মত ব্যক্ত কৰে।

স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ফোনযোগে মহাৰাষ্ট্ৰৰ মুখ্য মন্ত্ৰী উদ্ধৱ থাকৰেৰ সৈতে এই সম্পৰ্কত আলোচনা কৰে।

উল্লেখযোগ্য যে, ভাৰতত বৰ্তমানলৈ ৫৩,০০০ অধিক লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ বিপৰীতে ১৭৮৭ গৰাকী ব্যক্তিৰ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে।

ভাৰতত বৰ্তমানলৈ মুঠ ১৫,৩৩১ গৰাকী ব্যক্তি চিকিৎসাৰ অন্তত ক’ৰ’নাৰ সংক্ৰমণৰ পৰা সম্পূৰ্ণৰূপে আৰোগ্য হৈ উঠিছে।

দেশৰ স্বাস্থ্য মন্ত্ৰী ড০ হৰ্ষবৰ্ধণে বৰ্তমানলৈ ভাৰতত কমিউনিটি সংক্ৰমণ হোৱা নাই বুলি  উল্লেখ কৰিলেও মহাৰাষ্ট্ৰৰ বৰ্দ্ধিত সংক্ৰমণৰ ঘটনাক লৈ চিন্তা ব্যক্ত কৰে।