NORTHEAST NOW (Assamese)

কৰ’নাৰ ভেকচিনৰ কাৰ্যকাৰিতা কিমানদিন? জনালে এইমছৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াই

March 21, 2021 8:32 am · এন ই নাও নিউজ
এইমছৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়া।

কৰ’নাৰ সংক্ৰমণ পুনৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য মন্ত্ৰ্যালয়ৰ সন্মুখত আকৌ এবাৰ নতুন প্ৰত্যাহ্বানে দেখা দিছে।

ইয়াৰ মাজতে এইমছৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াই কৰা এক মন্তব্যই শংকাৰ সৃষ্টি কৰিছে।

ডাঃ গুলেৰিয়াই কয় যে আপুনি এবাৰ কৰ’নাৰ ভেকচিন ল’লে আঠৰ পৰা দহ মাহলৈকে সংক্ৰমণ মুক্ত থাকিব পাৰিব। ইয়াৰ কোনো পাৰ্শ্ব প্ৰতিক্ৰিয়া নাই।

তেওঁ লগতে কয় যে মানুহে ভাৱিছে মহামাৰী শেষ হৈ গ’ল। সেয়ে, মানুহে স্বাস্থ্য বিধি অনুসৰণ কৰা নাই। সেইটোৱেই সংক্ৰমণ বৃদ্ধিৰ অন্যতম কাৰণ।

স্বাস্থ্য মন্ত্ৰ্যালয়ৰ এগৰাকী বিষয়াই কয় যে কৰ’নাৰ সংক্ৰমণ বৃদ্ধিৰ কেইবাটাও কাৰণ আছে যদিও ইয়াৰ মূল কৰাণটো হ’ল মানুহৰ দৃষ্টিভংগী সলনি হৈছে আৰু তেওঁলোকে ভাৱিছে যে কৰ’না বাইৰাছ শেষ হৈ গ’ল।

নীতি আয়োগৰ এগৰাকী সদস্য ভি কে পলে কৈছে যে সংক্ৰমণৰ চেইন ভাঙিব লাগিব আৰু তাৰ বাবে ভেকচিন প্ৰধান অস্ত্ৰ যদিও নিৰীক্ষণ বৃদ্ধি কৰিব লাগিব তথা সামাজিক সুৰক্ষা বিধি অনুসৰণ কৰিব লাগিব।

সম্প্ৰতি দক্ষিম ভাৰতৰ কেৰালা, কৰ্ণাটক আৰু তামিলনাডুত সংক্ৰমণৰ পৰিস্থিতি উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে। সেইদৰে কৰ’নাৰ দ্বিতীয় ঢৌৰ মোকাবিলাত দিশহাৰা হৈ পৰিছে মহাৰাষ্ট্ৰ।

ইপিনে, দেশজুৰি কৰ’নাৰ টীকাকৰণ আৰম্ভ হৈছে। প্ৰথম পৰ্যায়ত ৫০ কোটি বেকচিনৰ ড’জ দিয়াৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে যদিও এতিয়ালৈকে মাত্ৰ ৭ শতাংশহে সম্পূৰ্ণ হৈছে।

সংসদীয় ষ্টেণ্ডি কমিটিয়ে জানিবলৈ দিছে যে এনে গতিত আগবাঢ়িলে গোটেই দেশত ভেকচিন দিবলৈ সাত বছৰ সময় লাগি যাব।

বিজ্ঞানীসকলে সতৰ্ক কৰি দিছে যে টীকাকৰণত বিলম্ব হ’লে ভাইৰাছৰ নতুন ষ্ট্ৰেইনৰ উদ্ভৱ হ’ব। বৰ্তমান দেশত কমেও তিনি কোটি লোকৰ টীকাকৰণ সম্পূৰ্ণ হৈছে।

Related News