NORTHEAST NOW (Assamese)

দিল্লী এইমছৰ চিকিৎসকৰ নিজ বাসগৃহত চীপ লৈ থকা অৱস্থাত মৃতদেহ উদ্ধাৰ

August 14, 2020 9:09 pm · এন ই নাও নিউজ

দিল্লী এইমছৰ এগৰাকী ৪০ বছৰীয়া চিকিৎসকক দিল্লীৰ নিজ বাসগৃহত চীপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হয়।

মোহিত সিংহ নামৰ নামৰ চিকিৎসক গৰাকীৰ উৱলি যোৱা মৃতদেহ দক্ষিণ দিল্লীৰ গৌতম নগৰৰ নিজ বাসগৃহত আৰক্ষীয়ে উদ্ধাৰ কৰে।

স্থানীয় লোকে আৰক্ষী বিভাগৰ লোকক বৃহস্পতিবাৰে নিশা চিকিৎসক গৰাকীৰ আৱাসৰ পৰা দুৰ্গন্ধ ভাহি অহাৰ পাছত খবৰ কৰে আৰু আৰক্ষীয়ে খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত উপস্থিত হৈ চিকিৎসক গৰাকীৰ মৃতদেহ ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে।

দক্ষিণ দিল্লীৰ ডি চি পি অতুল ঠাকুৰে জনোৱা অনুসি চিকিৎসক গৰাকীয়ে মঙলবাৰে অন্তিমবাৰৰ বাবে কৰ্মস্থানলৈ গৈছিল।

আৰক্ষীয়ে মানসিক অৱসাদগ্ৰস্ততাৰ বাবে চিকিৎসক গৰাকীয়ে আত্মহত্যাৰ পথ বাচি লোৱা বুলি সন্দেহ ব্যক্ত কৰিছে যদিও ঘটনা সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে।

Related News