NORTHEAST NOW (Assamese)

বৈধ প্ৰমাণ পত্ৰ অবিহনে উৰণ! এয়াৰ ইণ্ডিয়াক বিপুল পৰিমাণৰ জৰিমনা DGCA-ৰ

February 14, 2026 10:52 am · এন ই নাও নিউজ, গুৱাহাটী

কোনোবাই আপোনজনৰ ওচৰলৈ গৈ আছিল। কিছুমান ঘৰলৈ উভতি আহিছিল। কিছুমানে বিদেশত ঘৰ বনোৱাৰ সপোন দেখিছিল। নিমিষতে সকলো শেষ হৈ গ’ল! যোৱা বছৰ আহমেদাবাদৰ বিমান দুৰ্ঘটনাটো এটা দুঃস্বপ্নতকৈও ভয়াৱহ আছিল। ৰাণৱেৰ পৰা স্বাভাৱিক টেক অফ। কেইছেকেণ্ডমানৰ ভিতৰতে সকলো শেষ।

আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পিছত এয়াৰ ইণ্ডিয়াৰ সেৱাক লৈ প্ৰশ্ন উত্থাপন হ’বলৈ ধৰে। অৱশেষত এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে DGCA ডাঙৰ ব্যৱস্থা গ্ৰহণ কৰিলে। কিন্তু এয়াৰ ইণ্ডিয়াই দাবী কৰিছে যে এই নিৰ্দেশ ২০২৫ চনত স্বেচ্ছাই প্ৰকাশ পোৱা এটা ঘটনাৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে।

সূত্ৰ অনুসৰি ডিজিচিএই এয়াৰ ইণ্ডিয়াক বৈধ বিমান যোগ্যতাৰ প্ৰমাণ পত্ৰ অবিহনে বিমানখন চলোৱাৰ বাবে এক কোটি টকা জৰিমনা বিহা হৈছে। সূত্ৰসমূহে দাবী কৰিছে যে এই গুৰুতৰ ভুলৰ বাবে নিয়ন্ত্ৰণ সংস্থা ডিজিচিএই অভিযান্ত্ৰিক বিভাগৰ পৰা একাংশ বিষয়াক অপসাৰণৰ নিৰ্দেশো দিছে।

সূত্ৰ অনুসৰি ডিজিচিএই কয় যে এয়াৰ ইণ্ডিয়াই যাত্ৰীসকলৰ আস্থা ক্ষতিগ্ৰস্ত কৰিছে। ইয়াৰ বাবে DGCA-ই এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষক প্ৰায় ১ কোটি টকা জৰিমনা বিহিছে। এয়াৰ ইণ্ডিয়াই প্ৰয়োজনীয় প্ৰমাণপত্ৰ অবিহনে বিমান চলোৱাৰ অভিযোগ উত্থাপন হৈছে। তদন্তত অনুমতি অবিহনে ৮ বাৰ এয়াৰবাছ চলোৱাৰ বাবে দোষী সাব্যস্ত হৈছে এয়াৰ ইণ্ডিয়া।

ইফালে এয়াৰ ইণ্ডিয়াই এক বিবৃতিত কয় যে ২০২৫ চনত স্বেচ্ছাই প্ৰকাশ পোৱা এটা ঘটনাৰ সন্দৰ্ভত ডিজিচিএই এই নিৰ্দেশ দিছে। এয়াৰ ইণ্ডিয়াই বিষয়টো স্বীকাৰ কৰিছে। এই ঘটনাৰ পৰা চিনাক্ত হোৱা সকলো ত্ৰুটি সন্তোষজনকভাৱে সমাধান কৰা হৈছে আৰু কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰা হৈছে।

যোৱা বছৰ আহমেদাবাদত ইমান ডাঙৰ বিপৰ্যয় সংঘটিত হোৱাটো কাৰ দোষ আছিল? ইমানবোৰ মৃত্যুৰ বাবে কোন জগৰীয়া? এই প্ৰশ্নবোৰৰ উত্তৰ এতিয়াও জানিব পৰা হোৱা নাই। সেই পৰিৱেশত এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে এলানি অভিযোগ চৰ্চালৈ আহিছে। এয়াৰ ইণ্ডিয়াৰ যাত্ৰীসকলৰ মাজত তিক্ত অভিজ্ঞতাৰ সমৃতি ৰৈ গৈছে।

আহমেদাবাদ দুৰ্ঘটনাৰ পিছতো এয়াৰ ইণ্ডিয়াৰ কেইবাখনো বিমানত সমস্যা আৰু যান্ত্ৰিক বিসংগতি ধৰা পৰিছে। আৰু ইয়াতেই প্ৰশ্ন উত্থাপন হয়, য’ত শ শ লোকৰ জীৱন জড়িত হৈ আছে, ৰক্ষণাবেক্ষণৰ অভাৱৰ এনে অভিযোগ বাৰে বাৰে কিয় উত্থাপন হ’ব? মানুহে অধিক মূল্যত টিকট কিনে আৰু বিমানত উৰা মাৰে। কিন্তু, বিমান সংস্থাটোৰ বাবে তেওঁলোকৰ জীৱনৰ কোনো মূল্য নাইনে?

এই সকলোবোৰ অভিযোগৰ মাজতে ডিজিচিএই এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। বৈধ প্ৰমাণ পত্ৰ অবিহনে এখন বিমান উৰুওৱাৰ বাবে ১ কোটি টকাৰ জৰিমনা বিহিছে।

Related News