NORTHEAST NOW (Assamese)
দেশ

মাজ আকাশত কথমপি সংঘৰ্ষত পতিত হোৱাৰ পৰা ৰক্ষা এয়াৰ ইণ্ডিয়া আৰু নেপাল এয়াৰলাইনছৰ বিমান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 26, 2023 6:20 pm
Air India Nepal Airlines Planes Almost Collided

উৰন্ত অৱস্থাত মধ্য আকাশত এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হোৱাৰ পৰা ৰক্ষা পৰিছে এয়াৰ ইণ্ডিয়া আৰু নেপাল এয়াৰলাইনছৰ দুখন বিমান। এই ভয়াৱহ পৰিস্থিতিৰ পাছত বিমান পৰিবহণ নিয়ন্ত্ৰক বিভাগৰ তিনিগৰাকী কৰ্মচাৰী নিলম্বনৰ সন্মুখীন হৈছে।

প্ৰকাশিত খবৰ অনুসৰি, শুকুৰবাৰে পুৱা মালয়েছিয়াৰ কুৱালালামপুৰৰ পৰা কাঠমাণ্ডু অভিমুখী নেপাল এয়াৰলাইন্সৰ এয়াৰবাছ এ-৩২০ বিমান আৰু নতুন দিল্লীৰ পৰা কাঠমাণ্ডু অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমানৰ মাজত প্ৰায় সংঘৰ্ষ হোৱাৰ পৰিস্থিতিৰ উদ্ভৱ হয়।

এয়াৰ ইণ্ডিয়াৰ বিমানখন ১৯ হাজাৰ ফুট উচ্চতাত থকাৰ বিপৰীতে একে স্থানতে ১৫ হাজাৰ ফুট উচ্চতাত উৰি আছিল নেপাল এয়াৰলাইনছৰ বিমানখন।

ৰাডাৰত দুয়োখন বিমান ওচৰত থকা বুলি দেখুওৱাৰ পিছত নেপাল এয়াৰলাইনছৰ বিমানখন ৭ হাজাৰ ফুট তললৈ নামি আহে বুলি নেপালৰ অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষ (CAAN)ৰ মুখপাত্ৰ জগন্নাথ নিৰৌলাই জানিবলৈ দিয়ে।

জগন্নাথ নিৰৌলাই লগতে সদৰী কৰা মতে, অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষই বিমান পৰিবহণ নিয়ন্ত্ৰক বিভাগৰ তিনিগৰাকী কৰ্মচাৰীক এনে অসাৱধানতাৰ বাবে নিলম্বন কৰিছে।

এই বিষয়টোৰ তদন্তৰ বাবে অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষই তিনিজনীয়া তদন্ত সমিতি গঠন কৰে আৰু ঘটনাৰ সময়ত কণ্ট্ৰল ৰুমৰ দায়িত্বত থকা বিষয়া তিনিগৰাকীক নিলম্বন কৰে।

অৱশ্যে ঘটনা সন্দৰ্ভত তাৎক্ষণিকভাৱে ভাৰতীয় বিমান পৰিবহণ সংস্থা এয়াৰ ইণ্ডিয়াই কোনো বিবৃতি প্ৰকাশ কৰা নাই।