NORTHEAST NOW (Assamese)
অসম

এয়াৰ মাৰ্শ্বেল আৰ কে এছ ভাদুৰীয়াক পৰৱৰ্তী বায়ু সেনা প্ৰধান নিযুক্তি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 19, 2019 7:33 pm
RKS Bhaduriya

ভাৰত চৰকাৰে এয়াৰ মাৰ্শ্বেল ৰাকেশ কুমাৰ সিং ভাদুৰীয়াক ভাৰতীয় বায়ু সেনা বাহিনীৰ পৰৱৰ্তী বায়ু সেনা প্ৰধান হিচাপে নিযুক্তি দিছে।

বৰ্তমানৰ বায়ু সেনা প্ৰধান বীৰেন্দ্ৰৰ সিং ধানোৱাৰ অৱসৰৰ পাছতে আৰ কে এছ ভাদুৰীয়াই বায়ু সেনা প্ৰধান হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব।

এয়াৰ মাৰ্শ্বেল অনিল খোচলাৰ পাছতে আৰ কে এছ ভাদুৰীয়াই ১ মে’ত বায়ু সেনা বাহিনীৰ উপ বায়ু সেনা প্ৰধান হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল।

ভাদুৰীয়াই ভাৰতীয় বায়ু সেনাবাহিনীত যোগদান কৰাৰ পাছৰে পৰা বৰ্তমানলৈ ৪,২৫০ ঘণ্টা সময় আকাশত যুঁজাৰু বিমান চলোৱাৰ অভিজ্ঞতাৰে পুষ্ট।

তেওঁৰ ২৬ প্ৰকাৰৰ বিভিন্ন যুঁজাৰু বিমান চলোৱাৰ অভিজ্ঞতাও আছে।

উল্লেখযোগ্য যে, উয়িং কামাণ্ডাৰ অভিনন্দন বৰ্থমানৰ সৈতে অলপতে একলগে মিগ-২১ চলাই বৰ্তমানৰ বায়ু সেনা প্ৰধান বি এছ ধানোৱাই সংবাদ মাধ্যমৰ আগত আকাশত সেয়া তেওঁৰ অন্তিম উৰণ বুলি মন্তব্য কৰিছিল।

অহা মাহত ভাৰতীয় বায়ু সেনা বাহিনীত সংযোজন হ’বলগীয়া ৰাফেল যুঁজাৰু বিমানৰ পাছত দেশৰ নতুন বায়ু সেনা প্ৰধানৰ নেতৃত্বত ভাৰতীয় বায়ু সেনা বাহিনীয়ে অধিক শক্তিশালী ৰূপত আগুৱাই যাব বুলি আশা কৰা হৈছে।