NORTHEAST NOW (Assamese)
অসম

অসমত নতুন আঞ্চলিক ৰাজনৈতিক দল গঠন হ’লে সমৰ্থন আগবঢ়াম : বদৰুদ্দিন আজমল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 18, 2020 8:18 am

কংগ্ৰেছৰ পাছত এইবাৰ এ আই য়ু ডি এফ প্ৰধান বদৰুদ্দিন আজমলে অসমত নতুনকৈ আঞ্চলিক ৰাজনৈতিক দল গঠন হ’ল সমৰ্থন আগবঢ়াব বুলি মত প্ৰকাশ কৰে।

সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক কুমাৰ নাথে ফেব্ৰুৱাৰিত অসমত নতুন আঞ্চলিক ৰাজনৈতিক দল গঠন কৰা হ’ব বুলি কৰা মন্তব্যক আদৰণি জনাই আজমলে।

ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে যুঁজাৰ বাবে প্ৰস্তাৱিত নতুন আঞ্চলিক ৰাজনৈতিক দলটোৰ প্ৰতি আজমলৰ দলে সমৰ্থন আগবঢ়াব বুলিও সাংসদ বদৰুদ্দিন আজমলে কয়।

‘‘দিল্লী আৰু দিছপুৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰে একনায়কত্ববাদী শাসন চলাইছে আৰু সাধাৰণ জনতাৰ প্ৰত্যাশা পুৰণত ব্যৰ্থ হৈছে,’’ আজমলে অভিযোগ কৰে।

বৃহস্পতিবাৰে দুদিনীয়া ভ্ৰমণসূচীলৈ ধুবুৰীলৈ অহা আজমলে সংবাদমেল সম্বোধন কৰি এ আই য়ু ডি এফে বিজেপিৰ বিৰুদ্ধে যুদ্ধ কৰাৰ বাবে সকলোধৰণৰ ধৰ্মনিৰপেক্ষ দলৰ প্ৰতি সমৰ্থন আগবঢ়াব বুলিও কয়।

ৰাজ্যৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিক উৎখাত কৰাৰ স্বাৰ্থত আজমলে অসমৰ আঞ্চলিক দলৰ সৈতে মিত্ৰতা স্থাপনৰ প্ৰতিও আগ্ৰহী বুলি সংবাদমেল যোগে জানিবলৈ দিয়ে।

‘‘নতুন আঞ্চলিক ৰাজনৈতিক দল গঠন হোৱাক লৈ মই অপেক্ষা কৰি আছো, যদিহে ছাত্ৰ শক্তিয়ে নতুন ৰাজনৈতিক দলটো গঠন কৰে এ আই য়ু ডি এফে ইয়াক উষ্ম আদৰণি জনাব আৰু দলটোলৈ সম্পূৰ্ণ সমৰ্থন আগবঢ়াব,’’ এ আই ডি এফ প্ৰধান গৰাকীয়ে লগতে কয়।

উল্লেখযোগ্য যে, পূৰ্বতে জেষ্ঠ কংগ্ৰেছী নেতা তথা অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ো ৰাজ্যত ছাত্ৰ শক্তিৰ নেতৃত্বত নতুন আঞ্চলিক ৰাজনৈতিক দল গঠন হ’লে সমৰ্থন আগবঢ়াব বুলি কৈছিল।