NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁৱত নিষিদ্ধ ভাং খেতিৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

Posted by: য়াছিন আলী Updated by: য়াছিন আলী January 18, 2020 7:48 am
Police operation

বঙাইগাঁও জিলাৰ অভয়াপুৰী থানাৰ অন্তৰ্গত কীৰ্ত্তনপাৰা, মইনাপাৰা, মাত্ৰাঘোলাত শুকুৰবাৰে অসম আৰক্ষীৰ এটা অভিযানকাৰী দলে অভিযান চলাই বৃহত পৰিমাণৰ ভাং খেতি ধংস কৰিবলৈ সক্ষম হয়।

দণ্ডাধীশ শ্বাহনৱাজ ইকবালৰ উপস্থিতত উত্তৰ শালমাৰা মহকুমা আৰক্ষী বিষয়া ৰুদ্ৰ কলিতাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অঞ্চকেইটাৰ ঘৰে ঘৰে কৰা ভাং খেতি ধংস কৰে।

উল্লেখযোগ্য যে, দীৰ্ঘদিন ধৰি অঞ্চলটোত ছুলতান মামুদ আৰু বিল্লাল হুছেইন নামৰ লোক দুজনৰ নেতৃত্বত অবৈধ ভাং খেতি কৰি অহা হৈছিল।

শুকুৰবাৰে মহকুমা আৰক্ষী বিষয়া ৰুদ্ৰ কলিতা, কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শিৱ প্ৰসাদ কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে ভাং খেতি ধংস কৰিবলৈ সক্ষম হোৱাত ৰাইজে আৰক্ষীক এই ভাং বিৰোধী অভিযানক প্ৰশংসা কৰিছে।

বিগত বছৰত মইনাপাৰাত শ শ বিঘা ভাং খেতি মহকুমা আৰক্ষী বিষয়া ৰুদ্ৰ কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে ধ্বংস কৰি সজাগতা সভা অনুষ্ঠিত কৰাত বহু পৰিমাণে ৰাইজে সজাগ হৈছিল যাৰ বাবে বিগত বছৰৰ তুলনাত চলিত বছৰত ভাং খেতি কমকৈ কৰা পৰিলক্ষিত হৈছিল।

কিছু সংখ্যক অসাধু ব্যৱসায়ীয়ে অঞ্চলটোৰ পৰা ভাং ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰি আহিছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰে।