ধৰ্ষণৰ গোচৰত আদালতত আত্মসমৰ্পণ AIUDF ৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীৰ, লাভ কৰিলে জামিন

ধৰ্ষণৰ গোচৰত অভিযুক্ত AIUDFৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে শনিবাৰে হাইলাকান্দি জিলাৰ স্থানীয় আদালতত আত্মসমৰ্পণ কৰে।
হাইলাকান্দি জিলাৰ ন্যায়াধীশ আদালতে এই গোচৰত বিধায়ক চৌধুৰীৰ জামিন মঞ্জুৰ কৰে।
উল্লেখ্য যে শুকুৰবাৰে হাইলাকান্দি জিলাৰ ন্যায়াধীশ আদালতে AIUDF ৰ বিধায়কগৰাকীৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছিল।
জানিব পৰা মতে, ২০১৮ চনত এগৰাকী মহিলাই নিজাম উদ্দিন চৌধুৰীৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰিছিল।
বাৰে বাৰে চমন দিয়াৰ পিছতো আদালতত হাজিৰ নোহোৱাৰ বাবে আদালতে চৌধুৰীৰ গ্ৰেপ্তাৰ পৰোৱানা জাৰি কৰিছিল।
স্মৰ্তব্য যে ২০১৬ চনত প্ৰথমবাৰৰ বাবে আলগাপুৰৰ পৰা নিৰ্বাচিত হোৱা চৌধুৰীয়ে ২০২১ চনৰ বিধানসভা নিৰ্বাচনত আসনখন অক্ষুণ্ণ ৰাখিছিল।