NORTHEAST NOW (Assamese)

সাংবাদিকৰ মাইক দলিয়াই প্ৰাণে মৰাৰ ভাবুকি আজমলৰ ||Video||

December 26, 2018 6:53 pm · এন ই নাও নিউজ
Updated: December 28, 2018 12:16 pm
প্ৰতীকী ছবি।

কেন্দ্ৰত কংগ্ৰেছৰ চৰকাৰ হ’লে কংগ্ৰেছৰ লগত আৰু বিজেপি চৰকাৰ হ’লে বিজেপিৰ লগত থাকিব নেকি? দুৰ্ঘোৰ বিজেপি বিৰোধিতা কৰা বদৰুদ্দিন আজমলক বিজেপিৰে মিত্ৰতাৰ ইংগিতধৰ্মী এই প্ৰশ্নটো সোধাৰ বাবেই খৰ্গহস্ত হৈ বুধবাৰে সাংবাদিককে মাইক দলিয়াই প্ৰাণে মৰাৰ ভাবুকি দিয়ে এ আই ইউ দি এফ মুৰব্বীজনে।

ই টি ভি ভাৰত নামৰ সংবাদ প্ৰতিষ্ঠানটোৰ দক্ষিণ শালামাৰা-মানকাচৰৰ সাংবাদিকজনক অপদস্থ কৰাৰ উপৰি প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে সাংসদ আজমলে। আনকি তেওঁৰ ‘বুম’টোও দলিয়াই দিয়ে আজমলে।

উল্লেখ্য যে, আজি এ আই য়ু ডি এফৰ জিলা পৰিষদৰ নিৰ্বাচিত সদস্য সকলক সম্বৰ্ধনা জনাবলৈ হাটশিঙিমাৰিত অনুষ্ঠিত দলটোৰ এখন সভাৰ পাছত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত অপদস্থ হ’বলগীয়া হয় সংবাদ প্ৰতিষ্ঠানটোৰ দক্ষিণ শালমাৰা-মানকাচৰৰ সাংবাদিক কবিৰ মণ্ডল।

সাংবাদিকজনে প্ৰশ্ন সোধাৰ পাছতেই বদৰুদ্দিন আজমলে তেওঁক ‘তুমি কিমান কোটি টকা দিবা? এইটো ৰিপ’ৰ্টিং হৈছে নেকি?’ বুলি কোৱাৰ উপৰিও সাংবাদিকজনক ‘বদমাছ’, ‘কুকুৰ’ বুলি গালি পাৰে। তেওঁক ‘মাথা ফালি দিম’ বুলিও তেওঁ ভাবুকি প্ৰদান কৰে।

ইয়াৰ উপৰিও সাংবাদিকসকলৰ ‘বুম’ দলিয়াই দি অসভ্যালি কৰে সাংসদ আজমলে। ‘মোৰ লগত হাজাৰ হাজাৰ মানুহ আছে’ বুলিও আজমলে ভাবুকি প্ৰদান কৰে।

মিত্ৰতা সম্পৰ্কীয় এটা সাধাৰণ প্ৰশ্ন কৰাৰ বাবেই এজন দায়িত্বশীল জনপ্ৰতিনিধিয়ে কৰা এনেধৰণৰ অভব্য আচৰণে সচেতন মহলক চিন্তিত কৰিছে।

ইপিনে, বদৰুদ্দিন আজমলে সাংবাদিকক অপদস্থ কৰা আৰু প্ৰাণে মৰাৰ ভাবুকি দিয়া ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট এচচিয়ে’চন অৱ আচাম চমুকৈ দিমজাই। ঘটনা সন্দৰ্ভত বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিব বুলি সংগঠনটোৰ সাধাৰণ সম্পাদক মানস ৰয়ে আমাক জানিবলৈ দিছে।

Related News