NORTHEAST NOW (Assamese)

এ আই য়ু ডি এফৰ বাবে কংগ্ৰেছ হ’লগৈ ‘আঙুৰ টেঙা’ৰ নামান্তৰ; মিত্ৰতা নকৰে

November 14, 2018 2:42 pm · এন ই নাও নিউজ
Updated: November 14, 2018 2:43 pm
এ আই য়ু ডি এফৰ সভাপতি বদৰুদ্দিন আজমল। ফাইল ফটো।

বিগত প্ৰায় প্ৰতিটো নিৰ্বাচনত কংগ্ৰেছৰ ওচৰলৈ মিত্ৰতাৰ প্ৰস্তাৱ লৈ যোৱা ধৰ্মীয় সংখ্যালঘুক লৈ ৰাজনীতি কৰা এ আই য়ু ডি এফে অৱশেষত কংগ্ৰেছৰ সৈতে ‘মিত্ৰতা’ নকৰে বুলি স্পষ্ট কৰি দিছে। সংবাদ মাধ্যমৰ দলটোৰ সাধাৰণ সম্পাদক তথা বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমীয়ে কয় যে তেওঁলোকে বিজেপি আৰু কংগ্ৰেছৰ পৰা সমদূৰত্বত থাকি পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ’ব।

কাছিমীয়ে লগতে কয় তেওঁলোকে বিজেপি আৰু কংগ্ৰেছৰ পৰা সমান দূৰত্ব বজাই চলিব। কংগ্ৰেছে সংখ্যালঘু ৰাইজক কেৱল ভোটবেংক হিচাপে ব্যৱহাৰ কৰি আহিছে। কংগ্ৰেছৰ বিৰুদ্ধে এয়াই হ’ব আমাৰ মূল শ্ল’গান।

আনহাতে বিজেপিৰ বিৰুদ্ধে মূল অভিযোগ হ’ল, এন আৰ চিৰ নামত সংখ্যালঘু ৰাইজক নিৰ্যাতনৰ সন্মুখীন কৰোৱা, নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে অসমত হিন্দু বাংলাদেশীক সংস্থাপনৰ ষড়যন্ত্ৰ কৰা, বান-খহনীয়া প্ৰতিৰোধত চৰকাৰৰ ব্যৰ্থতা, উন্নয়নমূলক কাম-কাজত স্থবিৰতা, পঞ্চায়তসমূহক চৰকাৰে মূল্যহীন কৰা, মূল্যবৃদ্ধি আৰু দুৰ্নীতি।

উল্লেখযোগ্য যে এ আই য়ু ডি এফ দলটোৰ সংখ্যালঘু অধ্যূষিত অঞ্চলবোৰত যথেষ্ট প্ৰভাৱ আছে যদিও দলটোৰ প্ৰতি এতিয়া বহুতৰে মোহভংগ ঘটিছে। ফলত পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ সৈতে দলটোৱে মিত্ৰতাৰ চেষ্টা চলাইছিল। কিন্তু কংগ্ৰেছ দলটোৰ নেতৃত্বই সেয়া নাকচ কৰিলে।

Related News