NORTHEAST NOW (Assamese)
অসম

ফেৰী সেৱাৰ আধুনিকীকৰণ; বিশ্ব বেংকৰ ৬৩০ কোটি টকাৰ ঋণ অসম আভ্যন্তৰীণ জল পৰিবহণ বিভাগক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 18, 2020 1:00 pm
ferry service

ব্ৰহ্মপুত্ৰ আৰু অন্য নদী সমূহত যাত্ৰীবাহী ফেৰী সেৱা আধুনিকীকৰণ কৰাৰ বাবে বিশ্ব বেংকে অসম আভ্যন্তৰীণ জল পৰিবহণ বিভাগক ৬৩০ কোটি টকাৰ ঋণ প্ৰদান কৰিছে।

‘‘অসম আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ প্ৰকল্পৰ অধীনত ফেৰী সেৱাৰ আন্তঃগাথনিৰ উন্নত হ’ব,’’ এগৰাকী বিষয়াই শুকুৰবাৰে কয়।

বিষয়াগৰাকীয়ে ফেৰীৰ সংখ্যা বৃদ্ধিৰ লগতে আধুনিক পৰিসেৱা উপলব্ধ কৰা হ’ব বুলিও কয়।

সু-সজ্জিত আৰু মিতব্যয়ী ফেৰীয়ে জল পৰিবহন সেৱাক জনসাধাৰণৰ বাবে অধিক ফলপ্ৰসু কৰি তুলিব বুলি বিষয়া গৰাকীয়ে লগতে দাবী কৰে।

উল্লেখযোগ্য যে, অসম আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ফেৰী সেৱাক আধুনিকীকৰণ কৰাৰ বাবে গ্ৰহণ কৰা প্ৰকল্পৰ মুঠ বাজেট হ’ল ৭৭০ কোটি টকা যাৰ ভিতৰত ৬৩০ কোটি টকা বিশ্ব বেংকে প্ৰদান কৰিছে।

নতুন দিল্লীত বিত্ত আৰু অৰ্থনৈতিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ অতিৰিক্ত সচিৱৰ উপস্থিত অসম আভ্যন্তৰীণ জল পৰিবহণ বিভাগ আৰু বিশ্ব বেংকৰ ভাৰতৰ নিৰ্দেশকে ঋণৰ চুক্তিত স্বাক্ষৰ কৰে।

যাত্ৰী সকলৰ নিৰাপত্তা আৰু সুৰক্ষা আদি দিশ সমূহৰ প্ৰতি মূলত লক্ষ্য ৰাখি ফেৰী সেৱা আধুনিকীকৰণ কৰাৰ বাবে প্ৰকল্প গ্ৰহণ কৰা হৈছে।