NORTHEAST NOW (Assamese)
অসম

ছিমট’মেটিক ফুটবল জ্বৰ আৰম্ভ! ইউৰো কাপৰ হাইভল্টেজ ছেমিফাইনেলত কোন কাৰ মুখামুখি হ’ব?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 4, 2021 10:10 am
euro 2020-semi

চলিত ইউৰো কাপৰ ছেমিফাইনেলত স্পেইন আৰু ইটালীয়ে আগতেই স্থান চূড়ান্ত কৰিছে।

তাৰপাছতেই জেনমাৰ্কে চেক গণৰাজ্যক পৰাজিত কৰি ইউৰো-২০২০ৰ অন্তিম চাৰিটা দলত স্থান নিশ্চিত কৰাৰ পাছত ছেমিফাইনেলৰ অন্তিম চাৰিটা দলত স্থান লাভ কৰিলে ইংলেণ্ডেও।

ইংলেণ্ডে ইউক্ৰেনক পৰাজিত কৰি ছেমিফাইনেলত উপনীত হৈছে।

এতিয়া কথা হ’ল ইউৰো কাপৰ ছেমিফাইনেল দুখনত কোনটো দল কাৰ সৈতে মুখামুখি হ’ব বা সেইদৰে শেষ চাৰিটা দলৰ খেলসমূহ কেতিয়া, ক’ত আৰু কোনদিনাখন অনুষ্ঠিত হ’ব সেইটো চোৱা যাওক।

দুখন ছেমিফাইনেল খেল অনুষ্ঠিত হ’ব প্ৰসিদ্ধ ওৱেম্বেলি ষ্টেডিয়ামত। প্ৰথমখন ছেমিফাইনেলত ডেনমাৰ্কৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ইংলেণ্ড। খেলখনত নিশ্চিতভাৱে ঘৰুৱা খেলপথাৰৰ সুবিধা লাভ কৰিব ইংলেণ্ডে।

ইউৰো কাপ-২০২০-ৰ  ছেমিফাইনেলৰ সূচীঃ-

প্ৰথম ছেমিফাইনেলঃ ইটালী বনাম স্পেইন।

স্থানঃ ওৱেম্বেলি ষ্টেডিয়াম।

তাৰিখ আৰু সময়ঃ ৭জুলাই বুধবাৰ (দৰাচলতে মঙলবাৰ নিশা)। সময় নিশা ১২ বাজি ৩০ মিনিটত।

দ্বিতীয় ছেমিফাইনেলঃ ইটালী বনাম স্পেইন।

স্থানঃ ওৱেম্বেলি ষ্টেডিয়াম।

তাৰিখ আৰু সময়ঃ ৮ জুলাই বৃহস্পতিবাৰ (দৰাচলতে বুধবাৰে নিশা)। সময় নিশা ১২ বাজি ৩০ মিনিটত।