NORTHEAST NOW (Assamese)
অসম

হাতত ছবিৰ কাম নাই, এইবাৰ ৰেষ্টুৰেন্টৰ মালিক হ’ল শিল্পা ছেট্টি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 6, 2020 10:51 am
restaurant-8-1553765814

বৰ্তমান বলীউদত ছবি নিৰ্মাণৰ স্থৱিৰতা অহাৰ পাছত অভিনেতা-অভিনেত্ৰী, কলা-কুশলীসকলৰ হাতত প্ৰায় কাম নোহোৱা হৈ পৰিছে। তাৰমাজতে কিছু গ্লেমাৰ হেৰুৱাবলৈ আৰম্ভ কৰা তথা নতুনক বাট এৰি দিবলগীয়া অভিনেতা-অভিনেত্ৰীয়ে অন্য পথৰো সন্ধান কৰিছে।

যোৱা ফেব্ৰুৱাৰি মাহত ছাৰোগেছিৰ জৰিয়তে দ্বিতীয় সন্তানৰ মাতৃ হয় শিল্পা। অভিনয় আৰু সংসাৰ সমানেই চম্ভালিছে অভিনেত্ৰীগৰাকীয়ে।

কিন্তু এইবাৰ এগৰাকী উদ্যোগী হিচাপে আত্মপ্ৰকাশ ঘটিছে শিল্পা ছেট্টিৰ।

মুম্বাইৰ ওৰলিত ৰেষ্টুৰেন্টৰ ব্যৱসায় আৰম্ভ কৰিছে তাৰকাগৰাকীয়ে। ৰেষ্টুৰেন্ট চেইন বাষ্টিয়ানৰ সহ-গৰাকী হৈছে শিল্পা। ডেক’ৰেশ্যনৰ কাম সম্পূৰ্ণ হৈ উঠা ৰেষ্টুৰেন্টখন সোনকালেই মুকলি কৰা হ’ব।

অলপতে, শিল্পা আৰু তেওঁৰ স্বামী ৰাজ কুন্দ্ৰাই ৰীতেশ দেশমুখ, জেনেলিয়া ডিছুজাক আমন্ত্ৰণ জনাইছিল। ৰীতেশৰ ভাতৃ ধীৰাজকো তেওঁলোকৰ সৈতে দেখা গৈছিল। ছচিয়েল মাধ্যমত ছবি শ্বেয়াৰো কৰিছে।

অৱশ্যে, অভিনেত্ৰীগৰাকীৰ ৰেষ্টুৰেন্টখন কেতিয়ালৈ মুকলি কৰা হ’ব সেয়া এতিয়াও স্পষ্ট কৰা নাই।