NORTHEAST NOW (Assamese)
অসম

লখিমপুৰত জয় শ্ৰীৰাম ধ্বনিৰে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ পোষ্টাৰ ফালিলে দুৰ্বৃত্তই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 20, 2024 5:57 pm
Bharat Jodo Nyay Yatra

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত চলি থকা ভাৰত জোড়ো ন্যায় যাত্ৰাৰ অসমত আজি তৃতীয় দিন। এই ভাৰত জোড়ো ন্যায় যাত্ৰা অসমত মুঠ ৮ দিন ধৰি চলিব বুলি কংগ্ৰেছে নিশ্চিত কৰিছে।

তাৰ মাজতে শুকুৰবাৰে নিশা লখিমপুৰত অচিনাক্ত দুষ্কৃতিকাৰীয়ে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বেনাৰ আৰু পোষ্টাৰ ভাঙি পেলোৱাৰ অভিযোগ উত্থাপন হৈছে।

এই ঘটনাৰ এক ভিডিঅ’ত কেইবাখনো বাহনত অহা একাংশ লোকে জয় শ্ৰীৰাম ধ্বনি দি কংগ্ৰেছ দলৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বেনাৰ টানি ভাঙি পেলোৱা দেখা গৈছে।

এই ভিডিঅ’ ক্লিপ শ্বেয়াৰ কৰিছে কংগ্ৰেছ দলে। এই ঘটনাৰ আঁৰত বিজেপি কৰ্মী জড়িত থকা বুলি অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে।

কংগ্ৰেছ দলৰ এক সূত্ৰই দলটোৰ একাংশ কৰ্মীকো দুৰ্বৃত্তই আক্ৰমণ কৰাৰ লগতে গাড়ী ভাঙি লণ্ডভণ্ড কৰে বুলি দাবী কৰে। এই ঘটনাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব বুলিও দলীয় সূত্ৰই প্ৰকাশ কৰিছে।