NORTHEAST NOW (Assamese)
অসম

দুজন অপৰাধীক ধৰি দিয়া ব্যক্তিক পুৰস্কৃত কৰিব কাছাৰ আৰক্ষীয়ে; টুইটাৰত প্ৰকাশ কৰিছে ছবি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 4, 2021 10:44 am
cashar police published criminals photo

দুজন সন্দেহজনক বাইক আৰোহীৰ তথ্যৰ বাবে কাছাৰ আৰক্ষীয়ে পুৰষ্কাৰ ঘোষণা কৰিছে ৷ কোনো ব্যক্তিৰ পৰা উক্ত দুই অপৰাধীয়ে ধন কাঢ়ি নিয়াৰ অভিযোগ উঠিছে ৷

কাছাৰ আৰক্ষীয়ে এই দুই অপৰাধীৰ বিৰুদ্ধে এখন ফটো শ্বেয়াৰ কৰিছে টুইটাৰত ৷

টুইটাৰত লিখিছে যে উক্ত দুই অপৰাধীৰ সম্পৰ্কে খবৰ দিওতালৈ নগদ পুৰষ্কাৰ দিয়া হ’ব ৷ তদুপৰি খবৰ দিওতাৰ নাম গোপনে ৰখা হ’ব ৷

লগতে তথ্য দিবলৈ ৯৭০৬৬০৩৮৮/৮৬৩৮৬২২৪১১ ফোন নম্বৰ দুটা দিছে। যিকোনো ব্যক্তিয়ে উক্ত নম্বৰত পুলিচৰ স’তে যোগাযোগ কৰিব পাৰিব ৷

জানিব পৰা মতে, বিয়লি পৰত শিলচৰৰ ৰাধামধব কলেজৰ এজন কৰ্মচাৰীৰ পৰা দুই লাখ টকা কাঢ়ি নিছিল দুই অপৰাধীয়ে৷ ৰঙ্গিৰখড়ীৰ ষ্টেট বেংক অব ইন্ডিয়াৰ নতুন শিলচৰ শাখাৰ পৰা বাহিৰলৈ ওলাই আহোতেই ব্যক্তিজনক আক্ৰমণ কৰি কাঢ়ি নিছিল টকাখিনি ৷

আনহাতে, আৰক্ষীয়ে চিচিটিভি ফুটেজত বাইক আৰোহী দুজনৰ পিছফালৰ পৰা এখন ফটো সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে, যিখন টুইটাৰত শ্বেয়াৰ কৰিছে আৰক্ষীয়ে৷

উল্লেখযোগ্য যে, আই পি এছ বৈভৱ চি নিম্বালকৰে কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰা দিনৰে পৰা কাছাৰত অপৰাধীৰ বিৰুদ্ধে অভিযান তীব্ৰ কৰি তুলিছে।

আনহাতে, তেওঁৰ নেতৃত্বত কাছাৰ আৰক্ষীয়ে ব্যাপক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।