NORTHEAST NOW (Assamese)

নিশ্চিত অজন্তা-ৰাজদ্বীপৰ স্থিতি; কি হ’ব বিজেপি-কংগ্ৰেছ উভয়ৰে প্ৰাক্তন ৰুমী নাথৰ ভৱিষ্যত?

December 28, 2020 7:40 pm · অনিৰ্বাণ পাঠক
Updated: December 28, 2020 7:50 pm

অৱশেষত নিশ্চিত হ’ল অজন্তা নেওগ আৰু ৰাজদ্বীপ গোৱালাৰ স্থিতি। মঙলবাৰে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব দুয়োগৰাকী প্ৰাক্তন কংগ্ৰেছীয়ে।

মঙলবাৰে হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত গেৰুৱা সাজ পিন্ধিব দুয়োগৰাকী নেতাই।

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে দুয়োজন প্ৰাক্তন কংগ্ৰেছীক দললৈ আদৰিব।

উল্লেখ্য যে বিগত কিছুদিনৰ পৰা প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী অজন্তা নেওগক কেন্দ্ৰ কৰি ৰাজনৈতিক মহলত ব্যাপক চৰ্চা অব্যাহত আছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে অলপতে কৰা অসম ভ্ৰমণৰ সময়ত প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীগৰাকীয়ে তেওঁ সাক্ষাৎ কৰিছিল।

শেহতীয়াভাৱে কংগ্ৰেছে বহিস্কাৰ কৰা অজন্তা নেওগে কিছুদিন পূৰ্বে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো সাক্ষাৎ কৰিছিল।

গোলাঘাট সমষ্টিক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন মন্ত্ৰী তথা অজন্তা নেওগে ২০০১ চনৰ পৰা ২০১৬ চনলৈ একেৰাহে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হৈ আহিছে।

তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ কেবিনেটৰ গড়কাপ্তানি, নগৰ উন্নয়নকে ধৰি কেইবাটাও দপ্তৰৰ মন্ত্ৰীৰ দায়িত্ব আছিল অজন্তা নেওগ।

ইফালে কংগ্ৰেছৰ পৰা অপসাৰিত বিধায়ক ৰাজদ্বীপ গোৱালাইও মঙলবাৰে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰিব।

বৰাকৰ প্ৰভাৱশালী নেতা ৰাজদ্বীপ গোৱালাই লক্ষীপুৰ সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছে।

যোৱা অক্টোবৰ মাহত দল বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত কংগ্ৰেছৰ পৰা বৰ্খাস্ত কৰা হৈছিল ৰাজদ্বীপ গোৱালাত।

ইপিনে, কংগ্ৰেছৰ পৰা বৰ্খাস্ত আন এগৰাকী নেত্ৰী ৰুমী নাথৰ পৰৱৰ্তী স্থিতি কি হ’ব সেয়া এতিয়াও অনিশ্চিত। বৰখলা সমষ্টিৰ প্ৰাক্তন বিধায়িকা ৰুমী নাথকো যোৱা অক্টোবৰ মাহত কংগ্ৰেছে বহিস্কাৰ কৰিছিল।

ৰুমী নাথৰ বিৰুদ্ধেও দল বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগ আছিল।

উল্লেখ্য যে, এসময়ৰ বিজেপি বিধায়িকা ৰুমী নাথে ২০১০ চনত কংগ্ৰেছত যোগ দিছিল।

সেই সময়ৰ ৰাজ্যসভাৰ নিৰ্বাচনত হৰ্চ ট্ৰেডিঙত নাম সাঙোৰ খাইছিল প্ৰাক্তন বিধায়িকগৰাকীৰ।

এতিয়া কংগ্ৰেছৰ পৰা বৰ্খাস্ত হোৱা ৰুমী নাথক বিজেপিয়ে পুনৰ আদৰি ল’ব নে নাই সেয়া এক ডাঙৰ প্ৰশ্ন।

বিভিন্ন বিতৰ্কত নাম সাঙোৰ খোৱা ৰুমী নাথৰ ‘পলিটিকেল কেৰিয়াৰ’ ইমানতেই অন্ত পৰিব নেকি তাক লৈও এতিয়া চৰ্চা চলিছে।

Related News