NORTHEAST NOW (Assamese)
Popular Stories

আই পি এলত দুৰ্দান্ত প্ৰদৰ্শন! ১৫ মাহৰ পিছত ৰাষ্ট্ৰীয় দললৈ প্ৰত্যাৱৰ্তন অজিংকা ৰাহানেৰ; আৰু কোন সোমাল দলত?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 25, 2023 4:49 pm

আই পি এলত দুৰ্দান্ত খেল প্ৰদৰ্শনৰ সুফল লাভ কৰিলে অজিংকা ৰাহানেই। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবে টিম ইণ্ডিয়াৰ ১৫ জনীয়া দলত সুযোগ লাভ কৰিছে ৩৪ বছৰীয়া ৰাহানে।

ৰাহানে প্ৰায় ১৫ মাহৰ পিছত পুনৰ ৰাষ্ট্ৰীয় দললৈ উভতি আহিছে। যোৱা বছৰৰ জানুৱাৰী মাহত তেওঁ শেষবাৰৰ বাবে দেশৰ হৈ টেষ্ট খেলিছিল।

লগতে পঢ়ক: অত্যন্ত ‘চিৰিয়াছবিষয়; মল্লযুঁজাৰুসকলৰ FIR ল’বলৈ দিল্লী আৰক্ষীক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

সম্প্ৰতি আই পি এলত চেন্নাইৰ হৈ খেলি আছে ৰাহানেই। ইতিমধ্যে তেওঁ কেইবাটাও বিস্ফোৰক ইনিংছ খেলিছে। ইডেনত কেকেআৰৰ বিৰুদ্ধে ৰাহানেৰ ইনিংছটো আছিল একেবাৰে অভাৱনীয়।

এই পৰ্যন্ত ৰাহানেই আইপিএলত ২০৯ ৰান সংগ্ৰহ কৰিছে। ষ্ট্ৰাইক ৰেট ১৯৯.০৪! গড় ৫২.২৫। সেয়ে, নিৰ্বাচকসকলে আৰু ভুল কৰিবলৈ ইচ্ছুক নহয়। ৰাহানেক পুনৰ দলত অন্তৰ্বুক্ত কৰিলে।

ইপিনে, আঘাতৰ বাবে খেলিব নোৱাৰে শ্ৰেয়াছ আয়েৰে। মিডল অৰ্ডাৰত এজন নিৰ্ভৰযোগ্য বেটছমেনৰ প্ৰয়োজন আছিল। ইয়াৰ পিছতে বৰ্ডাৰ–গাভাস্কাৰ ট্ৰফীত ব্যৰ্থ হয় সূৰ্যকুমাৰ যাদৱ। নিৰ্বাচকসকলে তেওঁক ফাইনেলৰ দলটোত ৰখাও নাই।

লগতে পঢ়ক: পুনৰ মাজ আকাশত প্ৰস্ৰাৱ কাণ্ড! নিউয়র্কৰ পৰা দিল্লী অভিমুখী বিমানত যাত্রীৰ অভব্য আচৰণ

এই পৰ্যন্ত দেশৰ হৈ ৮২ খন টেষ্ট খেলা ৰাহানে প্ৰত্যাৱৰ্তন কৰিছে। অলৰাউণ্ডাৰ শাৰ্দুল ঠাকুৰকো স্থান দিয়া হৈছে। সূৰ্য যাদবৰ উপৰিও অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয় আৰু চতুৰ্থ টেষ্টত অংশগ্ৰহণ কৰা দলটোৰ পৰা কুলদীপ যাদৱ আৰু ঈশান কিষাণক বাদ দিয়া হৈছে। অহা ৭-১১ জুনত অ’ভেলত অনুষ্ঠিত হ’ব ফাইনেল।