NORTHEAST NOW (Assamese)
অসম

কোভিডত মৃত্যু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা আৰ এল ডিৰ মুৰব্বী অজিত সিঙৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 6, 2021 2:48 pm
ajit

দেশত ক’ৰ’নাই কালান্তক ৰূপ ধাৰণ কৰিছে। কোভিডত আক্ৰান্ত হৈ আজিৰ দিনটোতে বহু কেইগৰাকী প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীৰ মৃত্যু ঘটে।

আজি কোভিডে প্ৰাণ কাঢ়ি নিয়া প্ৰাক্তন মন্ত্ৰীসকলৰ ভিতৰত অজিত সিঙো এগৰাকী।

যোৱা ২০ এপ্ৰিলত কোভিড়ত আক্ৰান্ত হোৱা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাষ্ট্ৰীয় লোক দলৰ সভাপতি অজিত সিঙৰ আজি পুৱা মৃত্যু ঘটে।

আজি অজিত সিঙৰ পুত্ৰ জয়ন্ত চৌধুৰীয়ে টুইট যোগে এই কথা প্ৰকাশ কৰে। মৃত্যুৰ সময়ত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ বয়স হৈছিল ৮২ বছৰ।

উল্লেখ্য সাতবাৰকৈ সংসদ নিৰ্বাচিত হোৱা অজিত সিং ভিপি সিং,পিভি নৰসিংহ ৰাও,অটল বিহাৰী বাজপেয়ীৰ উপৰি মনমোহন সিং মন্ত্ৰীসভাত কেন্দ্ৰীয় মন্ত্ৰী আছিল।

অজিত সিং দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙৰ পুত্ৰ আছিল। ১৯৮৬ চনত তেওঁ প্ৰথমে ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল।

ইয়াৰ পিছতে লোক দলৰ মাজত বিসম্বাদে দেখা দিয়াত অজিত সিঙে নিজাববীয়াকৈ দল খুলিছিল আৰু উত্তৰ প্ৰদেশৰ বাঘপটৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হৈছিল।

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অজিত সিঙৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

এক শোকবাৰ্তাত মোদীয়ে কয় যে অজিত সিঙে কৃষকসকলৰ উন্নয়নৰ বাবে দেহেকেহে কাম কৰি গৈছিল।