NORTHEAST NOW (Assamese)
Popular Stories

লকডাউন ঘোষণা কৰা হ’ল কেৰেলাত, যোৱা ২৪ ঘণ্টাত আক্ৰান্ত হৈছে ৪১ হাজাৰৰো অধিক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 6, 2021 2:44 pm
লকডাউন ঘোষণা কৰা হ’ল কেৰেলাত, যোৱা ২৪ ঘণ্টাত আক্ৰান্ত হৈছে ৪১ হাজাৰৰো অধিক

সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে কেৰেলাত।

বৃহস্পতিবাৰে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কৰা হৈছে এই ঘোষণা।

৮ মে’ৰ পুৱা ৬ বজাৰ পৰা ১৬ মে’ পৰ্যন্ত লকডাউন বলৱৎ কৰা হ’ব ৰাজ্যখনত।

উল্লেখযোগ্য যে মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ পাছতে কেৰেলাত সৰ্বাধিক লোক কৰোণাত আক্ৰান্ত হৈছে।

যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত ৪১ হাজাৰ ৯৫৩জন লোকৰ ক’ভিড পজিটিভ পোৱা গৈছে।

বৰ্তমান ৰাজ্যখনত ৩ লাখ ৭৬ হাজাৰ ৰোগী সক্ৰিয়ভাৱে আছে।