NORTHEAST NOW (Assamese)
অসম

অসম জাতীয় পৰিষদৰ উত্থানত শংকিত হৈ এমাহত তিনিবাৰকৈ অসমলৈ আগমণ ঘটিল প্ৰধানমন্ত্ৰীৰ: জগদীশ ভূঞা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া February 22, 2021 7:31 pm
modi Vs Jagadish Bhuyan

এটা মাহত তিনিবাৰকৈ দেশৰ প্ৰধান মন্ত্ৰীৰ অসম ভ্ৰমণক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে।

অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভুঞাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘নিৰ্বাচনৰ প্ৰাকক্ষণত অসম জাতীয় পৰিষদৰ উত্থানত শংকিত হৈ যোৱা কিছুদিনত তিনিবাৰকৈ প্ৰধানমন্ত্ৰীয়ে অসম ভ্ৰমণ কৰিলে।‘

‘অসমত যেতিয়া বানপানী হয়, বা অসহায় অৱস্থাত থাকে সেই সময়ত প্ৰধান মন্ত্ৰীগৰাকী অসমলৈ অহাটো অসমবাসীয়ে বাঞ্চা কৰে, সেই সময়ত তেওঁৰ অসমলৈ আহিবলৈ সময় নহয়।‘ প্ৰধানমন্ত্ৰীক কটাক্ষ কৰি এইদৰে কয় জগদীশ ভুঞাই।

ইপিনে, কিছুদিনৰ ভিতৰতে আৰু এবাৰ প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অসম ভ্ৰমণ কৰিব বুলি দাবী কৰে ভূঞাই।

তেওঁ লগতে কয়, ‘স্বাধীন ভাৰতৰ অসম ৰাজ্যৰ ক্ষেত্ৰত এমাহত তিনিবাৰকৈ অসম ভ্ৰমণ কৰাটোৱে সৰ্বকালৰ অভিলেখ ভংগ কৰিছে।

‘প্ৰধানমন্ত্ৰী মোদীৰ অসমৰ প্ৰতি চেনেহ যে কৃত্ৰিম সেই কথা অসমবাসীয়ে উপলব্ধি কৰিছে। অসমক অষ্টলক্ষ্মীৰ অন্যতম বুলি গণ্য কৰি প্ৰকৃততে অসমক শোষণহে কৰি আছে। ২০১৪ চনৰ ১৬ মে’ৰ পিছত বাংলাদেশীয়ে টালি-টোপোলা বান্ধিব লাগিব বুলি কোৱা কথা মিছা কথাত পৰিণত হ’ল। তাৰ সলনি এফালে কা জাপিলে আৰু আনফালে অসমৰ পৰা ইনাৰ লাইন ব্যৱস্থা উঠাই ল’লে।‘ এনেদৰে পূৰ্বতে মোদীয়ে দিয়া প্ৰতিশ্ৰুতি সোঁৱৰাই এইদৰে কয় ভুঞাই।

ইয়াৰোপৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নতুনকৈ আকৌ মানুহক মিছা কথা নক’বলৈ আহ্বান জনাই লগতে কয়, ‘মোদীৰ মিছা কথাৰ তালিকাখন দীঘলীয়া হৈ গৈ আছে আৰু দীঘলীয়া হোৱাটো অসমৰ মানুহে নিবিচাৰে। প্ৰতিশ্ৰুতিবোৰ ইতিমধ্যেই হাঁহিৰ খোৰাক হৈ পৰিছে।‘