NORTHEAST NOW (Assamese)
অসম

উত্তেজনাৰ মাজতে আজি পুনৰ চীন-ভাৰতৰ মাজত নৱম লানি আলোচনা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 24, 2021 3:29 pm
india-china-army-1600679461

ভাৰত আৰু চীনৰ মাজত উত্তেজনা অব্যাহত থকাৰ মাজতে শেহতীয়াকৈ পুনৰ দুয়ো খন দেশৰ সেনাৰ উচ্চ পৰ্যায়ৰ বিষয়াৰ মাজত সীমা সমস্যাক লৈ নৱম লানি আলোচনা অনুষ্ঠিত হৈছে।

চীন-ভাৰত সীমান্তৰ মলডোত পুৱা ৯.৩০ বজাত অনুষ্ঠিত আলোচনাৰ সবিশেষ এতিয়াও চৰকাৰে ৰাজহুৱা কৰা নাই।

সেনাৰ কমাণ্ডাৰ পৰ্যায়ত অনুষ্ঠিত এই আলোচনাতো ভাৰতে পূৰ্বৰ স্থিতিতে অটল থাকি ডেপচাং আৰু লাডাখৰ পৰা চীনৰ সেনা অপসাৰণৰ দাবী জনোৱা বুলি জানিব পৰা গৈছে।

ভাৰত-চীন সীমান্তৰ দৌলত বেগ অলডি অঞ্চলত দুয়োখন দেশৰ শীৰ্ষ সেনা বিষয়াৰ মাজত অনুষ্ঠিত আলোচনা কালতে চীনে পুনৰ সীমান্তৰ পৰা ভাৰতৰ সেনাক আঁতৰাই নিয়াৰ দাবী জনোৱাৰ সম্ভাৱনা আছে।

উল্লেখ্য ভাৰত আৰু চীনৰ মাজত লাডাখ সমস্যাকলৈ অন্তিম বাৰৰ বাবে আলোচনা অনুষ্ঠিত হৈছে বিগত বৰ্ষৰ ৬ নৱেম্বৰত।

আজিৰ আলোচনাত ভাৰতৰ পক্ষৰ হৈ উপস্থিত আছে  ভাৰতীয় সেনাৰ ১৪ কৰ্পৰ  কমাণ্ডাৰ লেফটেণ্ট জেনেৰেল পিজিকে মেনন আৰু চীনৰ হৈ উপস্থিত আছে দক্ষিণ জিনজিয়াং অঞ্চলৰ সামৰিক কমাণ্ডাৰ লিউ লিন।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ যুটী সচিব নবীন শ্ৰীবাস্তৱো আলোচনাত উপস্থিত থকা বুলি ভাৰত চৰকাৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰিছে।

উল্লেখ্য চীনে লাডাখ আৰু ডেপচাং অঞ্চলত  দুয়ো খন দেশৰ প্ৰায় ৫০,০০০ সেনা এতিয়াও মোতায়েন কৰি ৰখা হৈছে।

এনে পৰিস্থিতিত চীন আৰু ভাৰতৰ সীমান্তত বিৰাজ কৰিছে এক যুদ্ধ সদৃশ পৰিবেশ।

চীনৰ সাম্ভাৱ্য আক্ৰমণৰ আশংকা কৰি ভাৰতেও সীমান্তৱৰ্তী বায়ু সেনাৰ ঘাটি সমূহত মিৰেজ যুদ্ধ বিমানকে ধৰি সুখয়-৩০ এম কে আই,জাগুৱাৰ আদি বিমান সাজু কৰি ৰাখিছে।

চীনৰ সৈতে ইয়াৰ পূৰ্বে ভাৰতৰ সেনাৰ কামাণ্ডাৰ পৰ্যায়ৰ আলোচনাৰ পিছতে চীনে সীমান্তৰ পৰা কিছু সংখ্যক সেনা অপসাৰণ কৰিছিল যদিও এতিয়াও বহু সেনা সীমান্ততে আছে।