NORTHEAST NOW (Assamese)
অসম

পঞ্চায়ত নিৰ্বাচন : চামগুৰিত আৰক্ষীৰ সন্মুখতে কংগ্ৰেছীৰ লাঠীৰ কোব পৰিল বিজেপি কৰ্মীৰ পিঠিত

Posted by: বিদ্যুৎ জ্যোতি বৰা November 28, 2018 9:30 pm

পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে চামগুৰি অঞ্চলত বিভিন্ন ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থী মাজৰ সংঘাত বৃদ্ধি পাবলৈ ধৰিছে।

আজি পুনৰ চামগুৰিত কংগ্ৰেছ আৰু বিজেপিৰ কৰ্মীৰ মাজত সংঘাত হয়। প্ৰাপ্ত তথ্য মতে নগাঁও জিলাৰ চামগুৰি সমষ্টি অধীনৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বাজিয়াগাঁও পঞ্চায়তৰ কলং সুঁতিত দিনৰ প্ৰায় ১১ বজাত একাংশ বিজেপি কৰ্মীয়ে অঞ্চলটোত থকা কংগ্ৰেছৰ পোষ্টাৰ ফালি পেলাই।

আনহাতে সেই সময়তে উক্ত স্থানত আৰক্ষীৰ এটা দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলাই থকা অৱস্থাতে বাজিয়াগাঁও দিশৰ পৰা আহি থকা বিজেপি দলৰ এখন জীপ আৰু মাৰতি ভানত একাংশ কংগ্ৰেছী কৰ্মীয়ে লাঠীৰে কোবাই গাড়ী দুখনৰ গ্লাছ ভঙাৰ লগতে বিজেপি কৰ্মীকো প্ৰহাৰ কৰে।

মন কৰিব লগীয়া যে এই সমস্ত ঘটনা আৰক্ষীৰ সন্মুখতে সংঘটিত হোৱাৰ পিছতো আৰক্ষী পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত বিফল হয়। কিছু সময়ৰ পিছত আৰক্ষীৰ উচ্চপদস্থ বিষয়াসহ অৰ্ধসামৰিক বাহিনীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈহে পৰিস্থিতি নিয়্ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

আনহাতে দুই পক্ষৰ আক্ৰমণত বিজেপিৰ কৰ্মী বিপুল শইকীয়া, অহিদুল ইছ্লাম আঘাতপ্ৰাপ্ত হোৱাৰ লগতে চিৰাজুল হক, ৰছিদুল হক নামৰ দুজন কংগ্ৰেছ কৰ্মীও আহত হয় বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে।