NORTHEAST NOW (Assamese)
অসম

আলফা (স্বাঃ)লৈ ‘অপ্ৰকাশ্য’ সমৰ্থন! সংবাদ মাধ্যমলৈ আঙুলি তুলি মোদীলৈ পত্ৰ

Posted by: এন ই নাও নিউজ November 28, 2018 9:17 pm
biswajit nath against ULFA-I copy

নিষিদ্ধ সংগঠন আলফা (স্বাধীন)লৈ ‘‘অপ্ৰকাশ্য সমৰ্থন’’ দানৰ অভিযোগেৰে অসমৰ ‘‘একাংশ’’ সংবাদ মাধ্যমলৈ আঙুলি তুলি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছে ‘‘সচেতন নাগৰিক’’ৰূপে পৰিচয় দিয়া গুৱাহাটীৰ বিশ্বজিৎ নাথ নামৰ এজন লোকে।

দিচপুৰ প্ৰেছ ক্লাবৰো কাৰ্য্যকৰী সভাপতি নাথৰ মতে “সামগ্ৰিকভাৱে উত্তৰ-পূৰ্বাঞ্চল আৰু বিশেষকৈ অসমৰ উন্নতিৰ বাবে প্ৰধান মন্ত্ৰীয়ে লোৱা নিষ্ঠাৱান উদ্যোগক পথভ্ৰষ্ট কৰাৰ” “একধৰণৰ মিছনত নামি পৰিছে অসমৰ কিছুমান ছপা আৰু ইলেকট্ৰনিক মাধ্যম”।

biswajit nath-ulfa
মোদীলৈ নাথৰ পত্ৰৰ প্ৰতিলিপি।

মোদীলৈ লিখা পত্ৰত নাথে নিষিদ্ধ আলফা (স্বাঃ)ৰ সেনাপ্ৰধান পৰেশ বৰুৱাৰ এটা সাক্ষাৎকাৰ শেহতীয়াকৈ প্ৰকাশ কৰা অসমৰ এটা বিশেষ সংবাদ গোষ্ঠীৰ কথা বিশেষভাৱে উল্লেখ কৰিছে। “সন্ত্ৰাসবাদী কাৰ্য্যকলাপত পৰোক্ষ সমৰ্থন আৰু পৃষ্ঠপোষকতাৰে ই (পৰেশ বৰুৱাৰ সাক্ষাৎকাৰ প্ৰচাৰ) বে-আইনী কাৰ্য্যকলাপ (প্ৰতিৰোধ) আইন, ১৯৬৭ৰ এক স্পষ্ট ঊলংঘন,” দাবী নাথৰ।

“এছোৱা তুলনামূলকভাৱে শান্ত সময়ৰ” পিছত বুদ্ধিজীৱী, সাংবাদিক আৰু ৰাজনৈতিক নেতাৰ “ভেশত” ষড়যন্ত্ৰকাৰীয়ে অসমক পুনৰ আগৰ অশান্ত অৱস্থালৈ নিয়াৰ চেষ্টা কৰিছে বুলিও নাথে অভিযোগ কৰিছে। “তেওঁলোকৰ গাঁতৰ পৰা জোঙা দাঁতত নতুন বিষ লৈ ওলাই আহিছে,” অভিযোগ নাথৰ।

আনহাতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ অসমীয়াৰ স্বাৰ্থৰ পৰিপন্থীৰূপে সাব্যস্ত কৰিবলৈ এই “ষড়যন্ত্ৰকাৰীসকলে” “আঞ্চলিক আৱেগ”ক ব্যৱহাৰ কৰা বুলিও তেওঁ প্ৰধান মন্ত্ৰীক অভিযোগ কৰিছে।

অভিযোগকাৰী বিশ্বজিৎ নাথে ইয়াৰ পূৰ্বে বুদ্ধিজীৱী হীৰেন গোহাঁই আৰু প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুন বৰাৰ বিৰুদ্ধে গোচৰ তৰিছিল।