NORTHEAST NOW (Assamese)

জাহাজৰ প্ৰতীক চিহ্নৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব অসম জাতীয় পৰিষদে

February 28, 2021 11:09 am · জাহ্নৱী বৰুৱা
Updated: February 28, 2021 12:49 pm

জাহাজৰ প্ৰতীক চিহ্নলৈ এইবাৰ বিধানসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হ’ব  নৱ গঠিত ৰাজনৈতিক দল অসম জাতীয় পৰিষদে।

অসম জাতীয় পৰিষদক কেন্দ্ৰীয় নিৰ্বাচন আয়োগে পঞ্জীয়ন  নম্বৰো নম্বৰো প্ৰদান কৰিছে।

২৫ ফেব্ৰুৱাৰীৰ পৰা দেশৰ এটা স্বীকৃত ৰাজনৈতিক দল হিচাবে অসম জাতীয় পৰিষদ পৰিগণিত হোৱা বুলি  ঘোষণা কৰিছে ভাৰতৰ নিৰ্বাচন আয়োগে।

 নিৰ্বাচন আয়োগে অসম জাতীয় পৰিষদক প্ৰদান কৰা পঞ্জীয়ন নম্বৰ হৈছে  56/161/2020/2021/pps1

 একেদৰে প্ৰতীক মুকলি  কৰা হৈছে অসম জাতীয় পৰিষদৰ। জাহাজৰ প্ৰতীকত প্ৰতিদ্বন্দ্বিতা কৰিব AJP য়ে।

 আজি গুৱাহাটী মহানগৰীৰ হোটেল প্ৰাগ কণ্টিনেণ্টেলত আয়োজিত সংবাদমেলত দলৰ পঞ্জীয়ন নম্বৰ আৰু প্ৰতীক মুকলি কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে।

 ব্ৰহ্মপুত্ৰত চলি থকা জাহাজ স্ব -নিৰ্ভৰশীল অসম, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয়, বাণিজ্যৰ ক্ষেত্ৰত যোগসূত্ৰ, নদীৰ দুয়োপাৰৰ সৈতে সমন্বয়, অৰ্থনৈতিক ব্যৱস্থাৰ সৈতে জড়িত। সেয়েহে  দলৰ বাবে এই প্ৰতীক লোৱা বুলি কয় লুৰীণজ্যোতি গগৈয়ে প্ৰকাশ কৰে।

লুৰীণৰ মতে “AJP ৰ প্ৰতীক প্ৰকাশ নোপোৱাক কেন্দ্ৰ কৰি বিভিন্ন মহলে সামাজিক মাধ্যমত অপপ্ৰচাৰ চলাই আহিছিল ।”

কংগ্ৰেছ মহাজোঁটৰে কেতিয়াও মিত্ৰতা সম্ভৱ নহয় বুলি স্পষ্ট কৰি দি   লুৰীণ জ্যোতি গগৈয়ে  লগতে কয় “ৰাজনৈতিক স্থিতি স্পষ্ট, ৰাষ্ট্ৰীয়তাবাদ ৰ বোকোচাত উঠি কেতিয়াও জাতীয়তাবাদ প্ৰতিষ্ঠা নকৰো। আমি স্বাভিমানী জাতীয়তাবাদ প্ৰতিষ্ঠা কৰাৰ বাবে চেষ্টা কৰি যাম।”

“হাগ্ৰামা মহিলাৰীৰ সৈতে বহুবাৰ যোগাত্মক আলোচনা হৈছিল। কিন্তু ৰাজনৈতিক বাধ্য বাধকতাৰ বাবে হয়তো মহাজোঁটৰ অংশীদাৰ হ’ল।” লুৰীণজ্যোতি গগৈয়ে কয়।

‘২১ ৰ নিৰ্বাচনত কোনোবা আমাৰ লগত আছে বা নাই তাক লৈ চিন্তিত নহয়। অসমত ৰাইজৰ দ্বাৰা মনে বিচৰা সপোনৰ জাতীয়তাবাদী চৰকাৰ প্ৰতিষ্ঠা হ’ব।

সমগ্ৰ ভাৰতৰ আঞ্চলিকতাবাদী শক্তি একত্ৰিত হ’ব লাগে বুলিও লুৰীণে কয়।

“ৰাষ্ট্ৰীয় দলে আঞ্চলিকতাবাদী শক্তিক ধ্বংস কৰাৰ চেষ্টা কৰি আহিছে ,সেয়েহে সকলো আঞ্চলিক ৰাজনৈতিক শক্তি ভাৰতত একত্ৰিত হ’ব লাগে।” লুৰীনে এইদৰে কয়।

Related News