NORTHEAST NOW (Assamese)

মূল্যবৃদ্ধিৰ প্ৰতিবাদত অসম জাতীয় পৰিষদৰ প্ৰতিবাদী সমদল, আৰক্ষীৰ লাঠীচালনা

October 28, 2021 7:06 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: October 28, 2021 7:09 pm

ৰাজ্যত ক্ৰমাগত ভাৱে ইন্ধন আৰু নিত্য-ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে আজি গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয় পৰিষদে।

দলৰ সভাপতি লুৰিণজ্যোতি গগৈৰ নেতৃত্বত এ জে পিৰ শ শ কৰ্মী আৰু সমৰ্থকে গুৱাহাটী ক্লাবৰ পৰা খাৰগুলী অঞ্চলৰ অসম ৰাজ ভৱন অভিমুখে প্ৰতিবাদী যাত্ৰা কৰে।

এজেপিৰ শীৰ্ষ নেতা চিত্তৰঞ্জন বসুমতাৰী আৰু জগদীপ ভূঞাইও সমদলটোত অংশগ্ৰহণ কৰিছিল।

প্ৰতিবাদী সমদলটোক ৰাজভৱন চৌহদত প্ৰৱেশ কৰাত বাধা দিবলৈ আৰক্ষীয়ে বেৰিকেড স্থাপন কৰে আৰু ৰাজ ভৱনৰ বাহিৰত সমদলটোক বাধা প্ৰদান কৰে।

আৰক্ষীয়ে প্ৰতিবাদী এজেপিৰ কৰ্মী সকলৰ ওপৰত লাঠী চালনা কৰাৰ ফলত দলটোৰ শীৰ্ষ নেতা চিত্তৰঞ্জন বসুমতাৰীৰ লগতে কেইবাজনো দলীয় কৰ্মী আহত হয়।

প্ৰতিবাদত ভাগ লোৱা এজেপিৰ কেইবাজনো নেতা আৰু কৰ্মীক আৰক্ষীয়ে আটক কৰে।

Related News