NORTHEAST NOW (Assamese)
অসম

বিজেপিৰ দূৰ্গ খুমটাইত লুৰিণজ্যোতিৰ নিৰ্বাচনী ৰণডংকা; ৰাষ্ট্ৰীয় দলৰ বোকোচাত নুঠে অসম জাতীয় পৰিষদ

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন February 20, 2021 7:02 am
IMG_20210219_200435

‘’ৰাষ্ট্ৰীয় ৰাজনৈতিক দল বা সাম্প্ৰদায়িক ৰাজনৈতিক দলৰ পিঠিত উঠি তেওঁলোকৰ অক্সিজেন সেৱন কৰি আমি  জাতীয়তাবাদ প্ৰতিষ্ঠা নকৰোঁ ; আমি অসমত স্বাভিমানী, নিজৰ ভৰিৰ ওপৰত নিজে থিয় হোৱা আপোচবিহীন জাতীয়তাবাদহে বিচাৰিছোঁ।‘’

শুকুৰবাৰে গোলাঘাটৰ গণকপুখুৰীত অসম জাতীয় পৰিষদৰ জাতীয় জনজাগৰণ সমাবেশত উপস্থিত হৈ এই মন্তব্য কৰে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে।

সমাবেশত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাকো ক্ষুৰধাৰ সমালোচনা কৰে লুৰিণজ্যোতি গগৈয়ে।

তেওঁ কয় যে বিহাৰ,পাঞ্জাৱ বা উত্তৰ প্ৰদেশৰ পৰা  আলু আমদানি কৰা সময়ত আলুৰ দাম বাঢ়ি ৬০ টকা হৈছিল আকৌ যেতিয়াই অসমত আলুৰ উৎপাদন হৈছে তেনে সময়ত আলুৰ দাম কমি ১০ টকা হৈছে। অৰ্থাৎ অসমৰ গাৱে-ভূঞে যেতিয়াই আলুৰ উৎপাদন বাঢ়িল তেতিয়াই আলুৰ দাম কমিল।

লুৰিণজ্যোতিয়ে লগতে কয় যে এফালে বিনামূলীয়া চাউল আনফালে ৫০ টকীয়া পিয়াজ খাইছে অসমীয়া ৰাইজে। এইয়াই অসম চৰকাৰৰ ভূমিকা।

শ্বহীদৰ হত্যাৰ কোনোদিন বিচাৰ নহ’ল বুলি উল্লেখ কৰি লুৰিণজ্যোতিয়ে কয় যে অসমৰ শ্বহীদৰ কেঁচা তেজৰ সন্মান কৰিব নজনা, শ্বহীদ সকলক শ্বহীদ কবলৈ সাহস নকৰা অসমৰ ভোটাৰ সকলৰ প্ৰতি বিজেপি চৰকাৰৰ এই যি অপমান সেই অপমানৰ বিচাৰ অসমীয়া ৰাইজে কৰিব লাগিব ২০২১ ৰ নিৰ্বাচনত।

অজাপৰ সভাপতিগৰাকীয়ে লগতে কয় যে বিনামূলীয়া গেছ দিয়াৰ ঘোষণা কৰি পিছদিনাই গেছৰ দাম বঢ়াই অসমীয়া ৰাইজৰ মূৰত মাধমাৰ সোধাইছে। এইবাৰ ইয়াৰ প্ৰত্যুত্তৰ দিব ৰাইজে।

উল্লেখ্য যে  একে সময়তে সমাবেশস্থলীত লুৰিণজ্যোতি গগৈ জিন্দাবাদ ধ্বনিৰে  উত্তাল পৰিবেশ সৃষ্টি হোৱাৰ সময়তে আনফালে সমাৱেশৰ সমীপত বিজেপি দলৰ সমৰ্থকে মৃণাল শইকীয়া জিন্দাবাদ ধ্বনিৰে প্ৰত্যুত্তৰ দিয়ে লুৰিণজ্যোতি গগৈক।

খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ দূৰ্গস্বৰূপ খুমটাইত একপ্ৰকাৰ বিধায়কজনক প্ৰত্যাহ্বান জনায় অসম জাতীয় পৰিষদ দলে। পৰৱৰ্তী সময়ত গোলাঘাটৰ নিৰ্বাচনী বাতাবৰণ কোন দিশে গতি কৰে সেইয়া লক্ষ্যণীয় হব।