NORTHEAST NOW (Assamese)

কা-বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গণ অৱস্থান

January 9, 2021 2:52 pm · পার্শ্বজোতি গগৈ
ফটো: নৰ্থইষ্ট নাও।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু শিৱসাগৰ জিলা সমিতিৰ সহযোগত শনিবাৰে গণ অৱস্থান কাৰ্যসূচী ৰূপায়ন কৰা হয়। নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত প্ৰতিবাদী শ্ল’গানেৰে উত্তাল হৈ পৰে শিৱসাগৰ।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে শিৱসাগৰ জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত ৩ ঘন্টীয়া গণ অৱস্থান কাৰ্যসূচী ৰূপায়ন কৰে।

প্ৰতিবাদকাৰীসকলে জাতি ধ্বংসী নাগৰিকত্ব আইন বাতিলৰ দাবীৰে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক অতি শীঘ্ৰে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ আহ্বান জনায়।

অসমৰ জাতি-ভাষা-সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ শ্ল’গানেৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰে।

সাম্প্ৰতিক সময়ৰ প্ৰতি লক্ষ্য ৰাখি কা’ আন্দোলন স্থগিত আছিল যদিও বৰ্তমান সময়ত সমগ্ৰ ৰাজ্যত পুনৰ কা’ৰ বিৰুদ্ধে আন্দোলন অব্যাহত থাকিব।

কা ‘ গৃহীত হোৱাৰ পৰা  অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ধাৰাবাহিক ভাৱে আন্দোলন অব্যাহত ৰাখিছে।

অনাগত দিনতো এই কা’ৰ বিৰুদ্ধে আন্দোলন অব্যাহত থাকিব বুলি উল্লেখ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে।

Related News