NORTHEAST NOW (Assamese)

নাবালিকাক উৎপীড়নৰ অভিযোগত গ্ৰেপ্তাৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা

December 22, 2022 6:20 pm · এন ই নাও নিউজ, গুৱাহাটী

চৰাইদেউ জিলাৰ সোণাৰিত এগৰাকী নাবালিকাক উৎপীড়ন চলোৱাৰ অভিযোগত  যুৱ সংগঠনৰ এজন নেতাক গ্ৰেপ্তাৰ কৰা হৈছে। বৃহস্পতিবাৰে আৰক্ষীয়ে এই কথা জানিবলৈ দিয়ে।

এজন আৰক্ষী বিষয়াই  জনায় যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ (এজেৱাইচিপি) সোণাৰি গোটৰ সাধাৰণ সম্পাদক সাজু বৰাই ১২ বছৰীয়া কিশোৰীগৰাকীক শ্লীলতাহীনভাৱে স্পৰ্শ কৰাৰ অভিযোগ উত্থাপিত হৈছে।  

নাবালিকা গৰাকীৰ পৰিয়ালৰ সদস্যই আৰক্ষীক দাখিল কৰা অভিযোগৰ ভিত্তিত বুধবাৰে বৰাক গ্ৰেপ্তাৰ কৰি সোণাৰিৰ স্থানীয় আদালতত হাজিৰ কৰোৱা হয়।

লগতে পঢ়ক: অৰুণাচল প্ৰদেশত আটক আলফা (স্বাধীন) উগ্ৰপন্থী

বিষয়াজনে লগতে কয় যে আদালতে তেওঁক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

তেওঁ জানিবলৈ দিয়ে যে সোণাৰি আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি (আইপিচি) আৰু যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা (পকচো) আইনৰ প্ৰাসংগিক বিভিন্ন ধাৰাৰ অধীনত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতাজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে জনোৱা অনুসৰি, নাবালিকা ছোৱালীজনী বৰাৰ আত্মীয়।

Related News