NORTHEAST NOW (Assamese)
অসম

পহিলা ভাদৰ দিনাই মাজুলীৰ কমলবাৰী ঘাটত ডবা-শংখ বজাই প্ৰতিবাদ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 19, 2019 2:27 pm

পৱিত্ৰ ভাদ মাহৰ আজি প্ৰথমটো দিনতে মাজুলীৰ কমলাবাৰী ফেৰী ঘাটত একাংশই ডবা-শংখ বজাই সাব্যস্ত কৰে প্ৰতিবাদ।

মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ দাবীত অসম জাতীয়তাবাদী যুৱ পৰিষদে আজিৰ এই প্ৰতিবাদ সাব্যস্ত কৰে।  প্ৰতিবাদকাৰী সকলে ডবা-শংখ বজাই চৰকাৰৰ নিদ্ৰা ভংগ কৰাৰ চেষ্টা কৰে।

উল্লেখযোগ্য যে মাজুলীৰ সৈতে বহিঃবিশ্বৰ যোগাযোগ সুচল কৰি তুলিবলৈ নিৰ্বাচনৰ আগত কেন্দ্ৰীয় পথ পৰবিহণ আৰু ঘাইপথ মন্ত্ৰালয়ে মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰিছিল।

সেই অনুসৰি ২০১৬ চনৰ ২৭ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে মাজুলীত দলঙৰ আধাৰশিলাও স্থাপন কৰিছিল।

সমান্তৰালকৈ মাজুলী-যোৰহাট সংযোগী দলঙৰ প্ৰতিশ্ৰুতি দিয়ে বৰ্তমানৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলী বিধানসভা সমষ্টিৰ পৰা ২০১৬ চনত প্ৰতিদ্বন্দ্বিতা কৰিছিল।

আনকি জেংৰাইমুখত সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি দেশৰ প্ৰধান মন্ত্ৰী গৰাকীয়েও চিঞৰি চিঞৰি কৈছিল দলং লাগে যদি সৰ্বানন্দক ভোট দিয়ক।

ফলত মাজুলীবাসীয়ে মূলত দলঙৰ স্বাৰ্থতে সৰ্বানন্দ সোণোৱালক মাজুলীৰ পৰা বিধানসভালৈ নিৰ্বাচিত কৰি পঠিয়াইছিল।

মনকৰিব লগীয়া যে মাজুলী-যোৰহাট সংযোগী দলঙৰ আধাৰশিলা স্থাপন কৰিছিল যদিও দুৰ্ভাগ্যজনকভাৱে আজি পৰ্যন্ত দলঙৰ ডি পি আৰে প্ৰস্তুত নাই হোৱা বুলি পোহৰলৈ আহিছে।

আধাৰশিলা স্থাপনৰ আজি প্ৰায় চাৰিবছৰ পাছতো দলঙৰ বৰ্তমানলৈকে ডি পি আৰৰ কাম প্ৰস্তুত হৈ নুঠিল। ফলত চৰকাৰৰ এই মিথ্যাচাৰৰ বিৰোধিতা কৰি আজি কমলাবাৰী ফেৰী ঘাটত জাতীয়তাবাদী যুৱ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰে।