NORTHEAST NOW (Assamese)
অসম

Rakesh Jhunjhunwala: শ্বেয়াৰ বজাৰৰ সম্ৰাট, আকাশা এয়াৰৰ স্ৰষ্টা ৰাকেশ ঝুনঝুনৱালা প্ৰয়াত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 14, 2022 12:35 pm

Rakesh Jhunjhunwala passed away দেওবাৰে পুৱা মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পাতালত শ্বেয়াৰ বজাৰৰ সম্ৰাট ৰাকেশ ঝুনঝুনৱালাৰ পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬২ বছৰ। তেওঁৰ মৃত্যুত শ্বেয়াৰ বজাৰ, বাণিজ্যিক মহল তথা দেশৰ বিভিন্ন ক্ষেত্ৰত শোকৰ ছাঁ পেলাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

দীৰ্ঘদিন ধৰি তেওঁ অসুস্থ হৈ আছিল। শেহতীয়াকৈ তেওঁৰ এয়াৰলাইন আকাশা এয়াৰ মুকলি কৰা হৈছিল। ইয়াৰ উদ্বোধনী অনুষ্ঠানলৈ তেওঁ হুইলচেয়াৰত আহিছিল। তেতিয়াই তেওঁৰ শৰীৰ অসুস্থ দেখা গৈছিল।

ৰাকেশ ঝুনঝুনৱালা।

চিকিৎসালয়ৰ সূত্ৰ অনুসৰি, ৰাকেশ ঝুনঝুনৱালা কেইবাদিনো ধৰি শাৰীৰিক সমস্যাত ভুগি আছিল। তেওঁক মৃত অৱস্থাতে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। চিকিৎসকসকলে তাত তেওঁক আনুষ্ঠানিকভাৱে মৃত বুলি ঘোষণা কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰি লিখিছে, “ৰাকেশ ঝুনঝুনৱালা অদমনীয় আছিল। তেওঁ জীৱনবোধেৰে পৰিপূৰ্ণ আছিল। অৰ্থনৈতিক ক্ষেত্ৰত তেওঁৰ অৱদান অনস্বীকাৰ্য্য। তেওঁ ভাৰতৰ উন্নয়নত যথেষ্ট আগ্ৰহী আছিল। তেওঁৰ অকাল মৃত্যু দুখজনক। তেওঁৰ পৰিয়াল আৰু অনুগামীসকলৰ প্ৰতি মোৰ সমবেদনা জনাইছো। ওম শান্তি!”

ৰাকেশ ঝুনঝুনৱালা মহাবিদ্যালয়ত থাকোতে ৫,০০০ টকা লৈ শ্বেয়াৰ বজাৰত ভৰি দিছিল। ফৰ্বছৰ মতে, তেওঁ তেনেদৰে যাত্ৰা আৰম্ভ কৰি ৪০,০০০ কোটি টকাৰ গৰাকী হৈছে।

পৰিয়ালৰ সৈতে ৰাকেশ ঝুনঝুনৱালা।

ৰাকেশ ঝুনঝুনৱালাই চাৰ্টাৰ্ড একাউণ্টেণ্ট অধ্যয়ন কৰিছিল। শ্বেয়াৰ বজাৰত তেওঁৰ সদায় অপৰিসীম আগ্ৰহ আছিল। সেই আগ্ৰহ বৃত্তি লৈ সলনি হৈছিল। তেওঁ ৰেয়াৰ এণ্টাৰপ্ৰাইজ নামৰ এটা ব্যক্তিগত ষ্টক ফাৰ্ম আৰম্ভ কৰিছিল। বহুতেই ধাৰণা কৰে যে ৰাকেশ ঝুনঝুনৱালাৰ শ্বেয়াৰ বজাৰত যিটো সংস্থাত বিনিয়োগ থাকে তাত লাভৰ সম্ভাৱনা অধিক।