NORTHEAST NOW (Assamese)

গগৈ, হিমন্ত, গৌতম ৰয়ক গ্ৰেপ্তাৰ নকৰাকৈ এ পি এছ চিৰ কেলেংকাৰিৰ তদন্ত কেতিয়াও সম্পূৰ্ণ নহয় : অখিল গগৈ

September 22, 2018 11:00 pm · কল্পজ্যোতি শইকীয়া

“প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰাক্তন মন্ত্ৰী গৌতম ৰয় –পূৰ্বৰ চৰকাৰৰ এই তিনিমূৰ্তিক গ্ৰেপ্তাৰ নকৰাকৈ এ পি এছ চি কেলেংকাৰিৰ তদন্ত কেতিয়াও সম্পূৰ্ণ নহয়।”

আজি গান্ধীবস্তিস্থিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত এখন সংবাদমেল অনুষ্ঠিত কৰি এ পি এছ চি কেলেংকাৰিৰ তদন্তৰ গতিবিধি সন্দৰ্ভত এইদৰে সৰৱ হৈ পৰে অখিল গগৈ।

সংবাদমেলত কৃষক নেতাগৰাকীয়ে দাবী কৰা মতে ৰাকেশ পাল, চাবেদুৰ ৰহমান, বসন্ত দলে, পবিত্ৰ কৈৱৰ্ত্যই তৰুণ গগৈ, হিমন্ত বিশ্ব শৰ্মা আৰু গৌতম ৰয়ৰ পৃষ্ঠপোষকতাতহে ইমানবোৰ কেলেংকাৰি কৰিব পাৰিলে।

আনহাতে, ‘উক্ত তিনিজন প্ৰভাৱশালী নেতাৰ বিৰুদ্ধে তদন্তকাৰী আৰক্ষী বিষয়া  সুৰজিত সিং পানেছাৰ মৌন কিয়’ বুলি সংবাদমেলত প্ৰশ্ন কৰে অখিল গগৈয়ে।

তেওঁ কয়, “তৰুণ গগৈক তদন্তৰ আওতালৈ আনিলেই হিমন্ত বিশ্ব শৰ্মাকো তদন্তৰ আওতালৈ আনিব লাগিব। সেয়ে তৰুণ গগৈক নানে।”

ইয়াৰোপৰি, ‘ড০ হিমন্ত বিশ্ব শৰ্মা বিজেপিলৈ অহাৰ পাছৰে পৰা ডাঙৰ ডাঙৰ কেলেংকাৰিত জড়িত থকাৰ পাছতে ধোৱা তুলসীৰ পাত হৈ পৰিল’ বুলি মন্তব্য কৰি তেওঁ লগতে কয়, “২০১৯ ৰ নিৰ্বাচনৰ আগে আগে প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ো বিজেপিত যোগদান কৰিব বুলি শুনি আছো, সেয়েহে হয়তো তেওঁ এতিয়া কমণ্ডলুৰ পানী খাই পৱিত্ৰ হৈ যাব।”

উল্লেখ্য যে, বিজেপি চৰকাৰে ৰাজনৈতিক চমক দিবৰ বাবে তেওঁলোকৰ বেয়া অৱস্থা আহিলেই একো একোজন বিষয়াক গ্ৰেপ্তাৰ কৰি জ্বলন্ত সমস্যাসমূহ ঢাকিবলৈ চেষ্টা কৰে বুলি বিজেপিক কটাক্ষ কৰে।

আনহাতে, ‘সুৰজিত সিং পানেছাৰৰ চাৰ্জশ্বীটত চাৰ্জশ্বীটেড হৈ থকা ৰাজীৱ পাল আৰু সুদীপ দাস আৰু ড০ মৃগেন্দ্ৰ শইকীয়া নামৰ বিষয়াজনক গ্ৰেপ্তাৰ কৰা হোৱা নাই কিয়’ বুলি প্ৰশ্ন কৰে অখিলে।

Related News