NORTHEAST NOW (Assamese)
অসম

‘অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰক তোষামোদ কৰিবলৈ গ্ৰেপ্তাৰ কৰা’ জিগনেছ মেৱানীক মুকলিৰ দাবী অখিল গগৈৰ

Posted by: জাহ্নৱী বৰুৱা, গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা, গুৱাহাটী April 21, 2022 6:39 pm

গুজৰাটৰ কংগ্ৰেছ সমৰ্থিত নিৰ্দলীয় বিধায়ক জিগনেছ মেৱানীৰ বিৰুদ্ধে অসমত ৰুজু হোৱা গোচৰৰ ভিত্তিত যোৱা নিশা ১১.৩০ বজাত গুজৰাটৰ পালনপুৰ চাৰ্কিট হাউছৰ পৰা কোকৰাঝাৰ আৰক্ষীয়ে মেৱানীক গ্ৰেপ্তাৰ কৰিছিল।

এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ দেশতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

তাৰ সমান্তৰালকৈ শীঘ্ৰেই জিগনেছ মেৱানীক মুকলি কৰি দিবলৈ দাবী জনাইছে বিধায়ক অখিল গগৈয়ে।

লগতে পঢ়ক: কোকৰাঝাৰ সদৰ থানাত জিগনেছ মেৱানী; থানাৰ সন্মুখত কংগ্ৰেছ দলৰ উত্তাল প্ৰতিবাদ

তেওঁ কয়, “জিগনেছ মেৱানীৰ নিচিনা এজন বিধায়কক এটা টুইটাৰ প্ৰসংগত গ্ৰেপ্তাৰ কৰাৰ কাৰ্যক আমি ধিক্কাৰ জনাইছোঁ। এইয়া হ’ল অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰক তোষামোদ কৰাৰ এটা প্ৰচেষ্টা।‘’

“এই প্ৰচেষ্টাৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ব্যৱস্থাটোক অসম চৰকাৰে অপমান কৰিছে। অসম চৰকাৰৰ এই কাৰ্যক আমি গৰিহণা দিয়াই নহয় এই কাৰ্য্যৰ পৰা আঁতৰি আহিবলৈও দাবী জনাইছোঁ।” অখিলে লগতে কয়।

অসম চৰকাৰে এনে ধৰণে প্ৰতিশোধ পৰায়ন মনোভাৱ পোষণ কৰাৰ কাৰণে সমগ্ৰ ভাৰতবৰ্ষৰ ওচৰত অসমৰ মুখ্যমন্ত্ৰীয়ে ক্ষমা বিচাৰিব লাগে আৰু ক্ষমা বিচাৰি জিগনেছ মেৱানীক মুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলি দাবী কৰে বিধায়ক অখিল গগৈয়ে।