NORTHEAST NOW (Assamese)
Popular Stories

বাস্তৱৰ ভিকি ড’নাৰ! এবছৰৰ ভিতৰতে পৃথিৱীৰ প্ৰতিখন দেশতে থাকিব সন্তান, গঢ়িব অভিলেখ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 17, 2025 10:10 am
বাস্তৱৰ ভিকি ড’নাৰ! এবছৰৰ ভিতৰতে পৃথিৱীৰ প্ৰতিখন দেশতে থাকিব সন্তান, গঢ়িব অভিলেখ

শুক্ৰাণু দান কৰি বিশ্ব অভিলেখ গঢ়াৰ পথত কাইল গৰ্ডী। বৰ্তমান তেওঁ ৮৭টা সন্তানৰ পিতৃ। তেওঁ এবছৰৰ ভিতৰতে ১০০টা সন্তানৰ পিতৃ হ’ব বুলি দাবী কৰিছে। আৰু ইয়াৰ লগে লগে তেওঁ টেলিগ্ৰামৰ প্ৰতিষ্ঠাপক পাভেল ডুৰভৰ অভিলেখ ভংগ কৰিবলৈ ওলাইছে। তেওঁ এই কামটো সেৱা হিচাপে কৰি আছে। তেওঁ নিজেই কৈছে যে যেতিয়ালৈকে ক্ষমতা থাকিব তেতিয়ালৈকে এই কাম কৰি যাব।

শুক্ৰাণু কেনেকৈ দান কৰে? কাইলে কয় যে তেওঁ এই কাম ‘বি প্ৰেগনেন্ট নাও’ নামৰ ৱেবছাইটৰ জৰিয়তে কৰে। বৰ্তমান ছুইডেন, নৰৱে, ইংলেণ্ড আৰু স্কটলেণ্ডৰ ১৪ জন তেওঁ দান কৰা শুক্ৰাণুৰ দ্বাৰা গৰ্ভৱতী হৈ আছে। তেওঁৰ শুক্ৰাণু দানৰ ফলত মহিলাসকলে পৰিয়াল গঢ়ি তোলাৰ সপোন দেখিবলৈ সক্ষম হৈছে বুলি ভাবি তেওঁ আনন্দিত হয়। কাইলে সম্পূৰ্ণ বিনামূলীয়াকৈ শুক্ৰাণু দান কৰে।

নিজকে ‘স্পাৰ্ম ডনেশ্যনৰ চিইঅ’ বুলি বৰ্ণনা কৰা লছ এঞ্জেলছৰ কাইলে দাবী কৰে যে, ‘মই গৌৰৱান্বিত যে মই মহিলাসকলক এনেদৰে সহায় কৰিব পাৰিছো। তেওঁলোকে হয়তো কেতিয়াও কল্পনা কৰা নাছিল যে তেওঁলোকে মাতৃ হ’ব বা পৰিয়াল এটা গঢ়ি তুলিব।’

তেওঁৰ লক্ষ্য সমাজত যেতিয়ালৈকে তেওঁৰ প্ৰয়োজন হয় তেতিয়ালৈকে কাম কৰা। দান কৰা। আৰু কেৱল লছ এঞ্জেলছ বা জাপান, আয়াৰলেণ্ড নহয়। বিশ্বৰ আন দেশৰ মহিলাসকলকো সহায় কৰিব বিচাৰে। ইতিমধ্যে তেওঁ পৃথিৱীৰ আন প্ৰান্তত শুক্ৰাণু দান কৰিবলৈ ওলাই আহিছে। তেওঁ কয়, ‘২০২৬ চনৰ ভিতৰত হয়তো পৃথিৱীৰ প্ৰতিখন দেশতে মোৰ এটা সন্তান জন্ম হ’ব।’

এনে সেৱা আৰম্ভ কৰাৰ ধাৰণাটো কেনেকৈ তেওঁৰ মনলৈ আহিল? প্ৰেম বিচাৰিবলৈ চেষ্টা কৰে। ব্যৰ্থ হয়। তাৰ পিছতে শুক্ৰাণু দান কৰাৰ সিদ্ধান্ত ল’লে। অৱশ্যে সেই কামটো কৰি থাকোঁতে বহুতে তেওঁৰ লগত এক বিশেষ সম্পৰ্ক গঢ়ি তুলিবলৈ চেষ্টা কৰে। তেওঁ মান্তি নহ’ল। সম্পৰ্কৰ কথা কওঁতে তেওঁ দাবী কৰে যে তেনেকৈ সম্পৰ্কত সোমোৱাটো আৰু সম্ভৱ নাছিল যদিও কামৰ জৰিয়তে কিছুমান মহিলাৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছিল। সিহঁতৰ পৰিয়াল আছে বুলি ভাবি তেওঁ সেইবোৰত আগনাবাঢ়িল।