NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী মহানগৰীত কিশোৰীক দলবদ্ধ বলাৎকাৰ,অশ্লীল দৃশ্যৰ ভিডিঅ’ ভাইৰেল কৰিলে পাঁচ অভিযুক্তই

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী March 11, 2022 5:28 pm

গুৱাহাটী মহানগৰীৰ গাড়ীগাঁৱত ঘটিছে এক ভয়ংকৰ ঘটনা।

এগৰাকী কিশোৰীক ৫ যুৱকে দলবদ্ধ ধৰ্ষণ কৰাৰ ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে গুৱাহাটী মহানগৰীত।
আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাই সংঘটিত হয় এই ঘটনা।

ঘটনা ঘটাই পলায়ন কৰিছে ৫ যুৱকে।

ইতিমধ্যে ভুক্তভোগী কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে।

মেট্ৰিক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছিল ভুক্তভুগী কিশোৰীগৰাকীয়ে।

ঘটনা সন্দৰ্ভত পাণবজাৰ মহিলা আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে।

ধৰ্ষণৰ ভিডিঅ’ ৰেকৰ্ড কৰি ভাইৰেল কৰিছিল ৫ যুৱকে।

অভিযুক্ত ৫ যুৱকৰ বিৰুদ্ধে আৰক্ষীয়ে চলাইছে অভিযান।

ঘটনা সম্পৰ্কে এতিয়ালৈকে কোনো তথ্য ৰাজহুৱা কৰা নাই আৰক্ষীয়ে।

ধৰ্ষণ কাণ্ড সংঘটিত কৰা ৫ জন প্ৰকৃততে যুৱক নে কিশোৰ সেই বিষয়েও কোনো তথ্য প্ৰকাশ হোৱা নাই যদিও অভিযুক্ত আটাইকেইজন কিশোৰ হ’ব বুলিও ধাৰণা কৰা হৈছে।

এটা বন্ধ কোঠাত ৫ জন যুৱকে মিলি ধৰ্ষণ কৰি ভিডিও প্ৰস্তুত কৰিছিল কিশোৰী গৰাকীৰ।

পৰিয়ালৰ লোকে পাণবজাৰ মহিলা আৰক্ষী থানাত তৰা গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ 19/22 US 376(D) IPC ,RW SEC. 6 POSCO ACT,RW 67 (B) IT ACT ৰ আধাৰত গোচৰ ৰুজু কৰা হৈছে।

আৰক্ষীয়ে কিশোৰী গৰাকীৰ শাৰীৰিক পৰীক্ষা সম্পন্ন কৰি অপৰাধীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে । 

কিশোৰী ধৰ্ষণকাণ্ডত অভিযুক্ত পলাতক কেইজন হৈছে ক্ৰমে বিকি আলী, পিংকু আলী, ফইজুৰ আলী, ৰাজা আলী, পোনা আলী।