NORTHEAST NOW (Assamese)
Popular Stories

বিলাসী ইয়টৰ দুৰ্ঘটনা! ব্ৰিটিছ ধনকুবেৰ মাইক লিঞ্চসহ ৭ জন লোকৰ সমুদ্ৰত প্ৰাণহানি

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী August 23, 2024 11:24 am

সোমবাৰে চিচিলিৰ উত্তৰ উপকূলত এখন বিলাসী ইয়ট ডুব যোৱাৰ পাছত ব্ৰিটিছ টেক টাইকুন মাইক লিঞ্চ আৰু মৰ্গান ষ্টেনলিৰ জনাথন ব্লুমাৰকে ধৰি সাতজন লোকৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে। অৱশ্যে ইয়টখনত থকা ২২ জন লোকৰ ভিতৰত পোন্ধৰজনক ইয়টখনৰ পৰা উদ্ধাৰ কৰা হয়।

ব্ৰিটিছ পতাকাযুক্ত ৫৬ মিটাৰ (১৮৪ ফুট) ছুপাৰ ইয়টখন পুৱা ৫ বজাৰ কিছু সময়ৰ আগতে (০৩০০ জিএমটি) পালেৰ্মোৰ ওচৰৰ পৰ্টিচেলো বন্দৰৰ ওচৰত ডুব যায়৷

ক’ষ্ট গাৰ্ডে কয় যে বেয়া বতৰৰ পূৰ্বাভাস দিয়া হৈছি যদিও আশা কৰাতকৈ ই অধিক ভয়াৱহ আছিল। স্থানীয় কিছুমান লোকেও সাগৰীয় ঘূৰ্ণীবতাহৰ কথা কৈছিল।

ঘটনাৰ সময়ত ইয়টখনৰ কেপ্তেইনে নিয়ন্ত্ৰণ ৰাখিবলৈ আৰু বেইছিয়ানৰ সৈতে সংঘৰ্ষৰ পৰা হাত সাৰিবলৈ ইঞ্জিন অন কৰাৰ পাছতে ধুমুহাৰ সন্মুখীন হয়।