NORTHEAST NOW (Assamese)

ৰাজ্যসভাৰ ভোটগ্ৰহণ শেষ হোৱাৰ পিছত কিয় হঠাতে ক্ষুব্ধ হৈ পৰিল বিধায়ক অখিল গগৈ?

March 31, 2022 8:13 pm · কল্পজোতি শইকীয়া, গুৱাহাটী

আজি ৰাজ্যসভাৰ ভোটগ্ৰহণ সম্পন্ন হৈ যোৱাৰ পিছতে হঠাৎ ক্ষোভিত হৈ পৰে বিধায়ক অখিল গগৈ!

মানুহ কিনা-বেচা ঠাইলৈ আহি লজ্জিত হৈ পৰিছে অখিল গগৈ। তেওঁৰ ভাষাত ‘গণতন্ত্ৰৰ মন্দিৰত হয় মানুহৰ কিনা-বেচা।‘ সেয়েহে বিধায়ক পদ এৰি দিবলৈ মন গৈছে বিধায়ক গগৈৰ।

বিধায়ক অখিল গগৈৰ প্রশ্ন, ‘এজন মুখ্যমন্ত্ৰীয়ে কেনেকৈ গম পালে যে কোনোবাই সাংখ্যিক 1 ৰ সলনি আক্ষৰিক one লিখিলে?’

লগতে পঢ়ক: ৰাজ্যসভা নিৰ্বাচনত দলীয় নিৰ্দেশনা অমান্য; কংগ্ৰেছৰ পৰা নিলম্বিত বিধায়ক ছিদ্দিক আহমেদ

আনহাতে, পুৱাৰ ভাগত ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে মন্তব্য কৰিছিল যে ‘বিজেপি দলে মানুহ কিনে; মূল্যবোধৰ ৰাজনীতিত বিশ্বাস নকৰে।‘

আজিৰ দিনটো স্বৈৰতন্ত্ৰ আৰু গণতন্ত্ৰৰ যুঁজ বুলি উল্লেখ কৰি অখিল গগৈয়ে দাবী কৰিছিল, “আমাৰ হাতত সংখ্যা থকাৰ পাছতো যদি বিজেপিয়ে জয়ী হ’ব বুলি কয় তেন্তে বিজেপিয়ে অন্যায়ৰ যুঁজ কৰিছে।”

লগতে পঢ়ক: ৰাজ্যসভাৰ নিৰ্বাচন: বাতিল হ’ব পাৰে শাসক পক্ষৰ তিনিটা ভোট

ইপিনে, ৰিপুন বৰা জয়ী হ’ব বুলি উল্লেখ কৰি তেওঁ লগতে কৈছিল, “যদি কোনোবাই গাড্ডাৰী বা বিশ্বাসঘাতকতা কৰে তেন্তে ধৰা পৰি যাব। বিশ্বাসঘাতকৰ ৰাজনৈতিক ভৱিষ্যত বেয়া হ’ব। আমি যুঁজিম, আমি জিকিম।” 

Related News