NORTHEAST NOW (Assamese)
অসম

মোৰ গাটো খুব বেয়া; ইমান কষ্ট পাইছো : কোভিড আক্ৰান্ত অখিল

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া July 12, 2020 11:33 am
WhatsApp Image 2020-07-12 at 11.08.32 AM

কালি বিয়লিৰ ভাগত দেহত কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰা অখিল গগৈক মাজনিশা GMCH ত ভৰ্তি কৰোৱা হয়।

কটকটীয়া  নিৰাপত্তা বেষ্টনীৰ মাজেৰে কোভিড-১৯ পজিটিভ অহাৰ প্ৰায় ৬-৭ ঘণ্টাৰ পাছত কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পোনে পোনে GMCH লৈ অনা হয় অখিলক।

GMCHত এম্বুলেন্সৰ পৰা নমাৰ পাছতে অসুস্থ অখিল গগৈৰ মুখত পুনৰবাৰ শুনা গ’ল ‘জয় আই অসম’ ধ্বনি।

ৰোগাক্ৰান্ত কৃষক নেতাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কৈ গ’ল-“মোৰ গাটো খুব বেয়া। ইমান কষ্ট পাইছো। ইয়াত বহুত কষ্ট দিয়া হৈছে। আৰু সহ্য কৰিব নোৱাৰা হৈছো। অসমবাসী ৰাইজৰ ভাল হওঁক।”

ইপিনে, কোভিড আক্ৰান্ত বুলি চিনাক্ত হোৱাৰ পাছত বিয়লি ৫ বজাৰ পৰাই কাৰাগাৰৰ ভিতৰতে বহাই ৰখাৰ গুৰুতৰ অভিযোগ তোলে কৃষক নেতাগৰাকীয়ে।

উল্লেখযোগ্য যে, দুদিন পূৰ্বে কোভিড-১৯ নিগেটিভ অহা অখিল গগৈৰ কালি এন্টিজেন টেষ্টত কোভিড-১৯ পজিটিভ আহে।

তেওঁৰ লগতে কৃষক নেতা ধৈৰ্য কোঁৱৰ, বিতু সোণোৱালো কোভিড-১৯ পজিটিভত আক্ৰান্ত হৈছিল। তেওঁলোকো বৰ্তমান GMCH ত চিকিৎসাধীন হৈ আছে।