NORTHEAST NOW (Assamese)
Popular Stories

সন্মুখত নিৰ্বাচন; হাফপেন্ট পিন্ধি পানীত নামিল মন্ত্ৰী চন্দন ব্ৰহ্ম

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 12, 2020 11:20 am
IMG-20200711-WA0108-75

ৰাজ্যৰ বহু জিলা এতিয়া পানীৰ তলত। ব্যতিক্ৰম হোৱা নাই চিৰাং জিলাতো।

চিৰাঙৰ দুটাকৈ ৰাজহ চক্ৰ ক্ৰমে চিডলী আৰু বিজনীত বানে কালান্তক ৰুপ ধাৰণ কৰিছে। বানত ককবকাই থকা জনতাৰ খবৰ লবলৈ অৱশেষত ওলাই আহিল অসমৰ ভৈয়াম জনজাতি উন্নয়ন দপ্তৰৰ মন্ত্ৰী চন্দন ব্ৰহ্ম।

সন্মুখত বিটিচিৰ নিৰ্বাচন। সেয়ে বানাক্ৰান্তৰ খবৰ লবলৈ হাফপেন্ট পিন্ধি, হাতত চেন্ডেল লৈ পানীত নামিল মন্ত্ৰী চন্দন ব্ৰহ্ম।

চিৰাঙৰ বানাক্ৰান্তৰ কাষত থিয় হৈ মন্ত্ৰী চন্দন ব্ৰহ্মই দিলে সংকট মোচনৰ প্ৰতিশ্ৰুতি।

লগত যোৱা জিলা প্ৰশাসনৰ বিষয়া বৰ্গক নিৰ্দেশ দিলে বানাক্ৰান্তৰ খাদ্য, চিকিৎসা আদিৰ পৰ্যাপ্ত ব্যৱস্থা কৰিবলৈ।

চিৰাঙৰ দুটাকৈ ৰাজহ চক্ৰ ক্ৰমে চিডলী আৰু বিজনীত বানে ক্ষতিগ্ৰস্ত কৰা লোকৰ সংখ্যা হৈছে প্ৰায় ১৩৫৮৪ গৰাকী।

চিৰাঙৰ ২২ খন গাওঁ এতিয়া পানীৰ তলত।

খাদ্য, আশ্ৰয়স্থলৰ অভাৱত বানাক্ৰান্তই কৰিছে হাহাকাৰ। চৰকাৰে স্থাপন কৰা আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে প্ৰায় ১১৫২ গৰাকী লোকে।

ক্ষতিগ্ৰস্ত হৈছে প্ৰায় ৫৩২০ টা পশুধন।

এনে সময়তে পানীত নামি ৰাইজৰ দুখৰ সমভাগী হোৱাৰ চেষ্টা মন্ত্ৰী চন্দন ব্ৰহ্মৰ।

মন্ত্ৰী গৰাকীৰ বাবে ইয়াৰ বিকল্পও নাই।

কাৰণ বান বাঢ়িছে,খহনীয়া বাঢ়িছে, একেদৰে বাঢ়িছে নিৰ্বাচনৰ পূৰ্বে বি পি এফ দলতো  খহনীয়া।