NORTHEAST NOW (Assamese)
অসম

অহা ২৫ এপ্ৰিলত হ’ব অখিল গগৈৰ NIA গোচৰৰ পৰৱৰ্তী শুনানি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 6, 2023 3:32 pm

২০১৯ চনৰ ডিচেম্বৰ মাহত অসমত হোৱা ‘কা’ বিৰোধী আন্দোলনৰ হিংসাত্মক কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত অখিল গগৈৰ বিৰুদ্ধে চলি থকা দুটাকৈ গোচৰৰ পৰৱৰ্তী শুনানিৰ বাবে ২৫ এপ্ৰিল দিনটো ঘোষণা কৰিছে গুৱাহাটীৰ চানমাৰীস্থিতি NIA ৰ আদালতে। বৃহস্পতিবাৰে পৰৱৰ্তী শুনানিৰ দিন ঘোষণা কৰিছে NIA ৰ আদালতে।

বৃহস্পতিবাৰে ৰাইজৰ দলৰ মুৰব্বী তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে শুনানিৰ বাবে NIA আদালতত হাজিৰ হয়।

অখিল গগৈৰ লগতে এই গোচৰৰ আন তিনিজন অভিযুক্ত ধৰ্য্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰো বৃহস্পতিবাৰৰ শুনানিৰ বাবে আদালতত হাজিৰ হয়৷

আদালতত হাজিৰ হৈ গগৈয়ে অভিযোগ কৰে যে অসম বিধানসভাৰ ২০২৩২৪ ৰ বাজেট অধিৱেশনৰ সময়ত তেওঁক জেলত ৰখাৰ বাবে চৰকাৰে ষড়যন্ত্ৰ ৰচনা কৰিছিল।

ইয়াৰ পূৰ্বে যোৱা ২০ মাৰ্চত অসমত ‘কা’ বিৰোধী প্ৰতিবাদৰ সময়ত হিংসাত্মক পৰিস্থিতিত উচটনি দিয়াৰ অভিযোগত থকা NIA গোচৰত উচ্চতম ন্যায়ালয়ে অখিল গগৈৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিছিল।

ন্যায়াধীশ ভি ৰামাসুব্ৰমণিয়ান আৰু পংকজ মিট্টলেৰে গঠিত বিচাৰপীঠে বিষয়টো শুনানি গ্ৰহণ কৰিছিল। অৱশ্যে এই বিষয়ত আদালতে নিজৰ ৰায় সংৰক্ষণ কৰি ৰাখিছে।

উল্লেখ্য যে যোৱা ৩ মাৰ্চত ‘কা’ বিৰোধী প্ৰতিবাদ আৰু মাওবাদীৰ সৈতে জড়িত থকা গোচৰটোত অখিল গগৈক গ্ৰেপ্তাৰৰ পৰা ১৩ মাৰ্চলৈকে সুৰক্ষা প্ৰদান কৰিছিল ন্যায়ালয়ে ।