NORTHEAST NOW (Assamese)
Popular Stories

যৌনতা হৈছে ইশ্বৰে প্ৰদান কৰা আটাইতকৈ সুন্দৰ উপহাৰ – পোপ ফ্ৰান্সিস

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 6, 2023 1:35 pm

এইবাৰ যৌনতা সম্পৰ্কে মুকলি মন্তব্য আগবঢ়াইছে ফ্ৰান্সৰ মুখ্য কেথলিক ধৰ্মযাজক পোপ ফ্ৰান্সিসে। তেওঁৰ মতে যৌনতাৰ দৰে অপূৰ্ব বস্তু এই পৃথিৱীত খুব কমেইহে আছে।

বুধবাৰে ডিজনী প্ৰডাকশ্যন কোম্পানীয়ে মুকলি কৰিছে ‘দ্য পোপ এন্সাৰ্ছ’ নামৰ এখন তথ্যচিত্ৰ। তথ্যচিত্ৰখনত পোপ ফ্ৰান্সিছে যৌনতা আৰু গৰ্ভপাতৰ বিষয়ে আলোচনা কৰা দেখা গৈছে।

পোপ ফ্ৰান্সিছে যোৱা বছৰ ৰোমত দহজন প্ৰাপ্তবয়স্কৰ সৈতে এই বিষয়টো আলোচনা কৰিছিল। সেই আলোচনাৰেই এটা অংশ তথ্যচিত্ৰখনত সংযোগ কৰা হৈছে।

পোপে কয়, যৌনতা এক আচৰিত বস্তু। মানৱ জীৱনলৈ ঈশ্বৰৰ যদি এটা আচৰিত উপহাৰ আছে তেন্তে সেয়া হ’ল যৌনতা।”

লগতে পোপে কয়,যৌনতাৰ ইচ্ছা প্ৰকাশ কৰাটো এক প্ৰকাৰৰ বিশুদ্ধতা। যদি কোনোবাই ইয়াৰ বিপৰীত কথা প্ৰকাশ কৰে তেন্তে এই বিশুদ্ধতাক অসন্মান কৰা হয়।

তেওঁ কেৱল যৌনতাৰ কথাই নহয়, পৰ্ণ উদ্যোগ, যৌন নিৰ্যাতন, আত্মহত্যা আৰু লগতে ট্ৰান্সজেণ্ডাৰ সমুদায়ৰ অধিকাৰৰ কথাও কয়।

ধৰ্মান্তৰিতসকলক উদ্দেশ্যি পোপে কয়, “সকলো ঈশ্বৰৰ সন্তান। ঈশ্বৰে কাকো নিজৰ দুৱাৰৰ পৰা আঁতৰাই নিদিয়ে। তেওঁ সকলোৰে ৰক্ষক। কাকো গীৰ্জাত প্ৰৱেশ কৰাত বাধা দিয়াৰ অধিকাৰ মোৰ নাই।

পোপে যৌনতাৰ কথা আলোচনা কৰাটো এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও পোপ ফ্ৰান্সিছে যৌনতাৰ বিষয়ে বহুবাৰ আলোচনা কৰিছে।

আনকি পৰ্ণ উদ্যোগটো কিমান ক্ষতিকাৰক সেই বিষয়েও তেওঁ যুক্তিনিষ্ঠ আৰু বস্তুনিষ্ঠ ব্যাখ্যা দাঙি ধৰিছে।

পোপ ফ্ৰান্সিছে পৰ্ণ উদ্যোগক ‘চয়তানৰ দুৱাৰ’ বুলি উল্লেখ কৰিছে। তেওঁ পৰ্ণগ্ৰাফীক পুৰুষমহিলাৰ মৰ্যাদাৰ ‘স্থায়ী আঘাত’ বুলি অভিহিত কৰে।

পোপ ফ্ৰান্সিছে নিজৰ ভাষাত স্বীকাৰ কৰিছিল যে কেৱল সাধাৰণ মানুহেই নহয়, ধৰ্মযাজকসকলৰো পৰ্ণ চোৱাৰ প্ৰৱণতা আছে। সেয়েহে তেওঁ ধৰ্মযাজক সকলক নিজৰ ফোনৰ পৰা প্ৰাপ্তবয়স্ক ছবি আৰু এপসমূহ ডিলিট কৰিবলৈও পৰামৰ্শ দিয়ে যাতে এনে কামনাৰ সামগ্ৰী হাতত জমা নহয়।