NORTHEAST NOW (Assamese)
অসম

গাঁও, চহৰ, চৰত গোঁহাৰি বিলাই কাইলৈ মেঘদূত ভৱনৰ পৰা আৰম্ভ হ’ব কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নাগৰিকত্ব বিধেয়ক বিৰোধী অভিযান

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া October 10, 2019 4:17 pm
Press meet

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বৃহস্পতিবাৰে এখন সংবাদমেল সম্বোধন কৰি অখিল গগৈয়ে বিজেপি নেতৃত্বাধীন চৰকাৰখনক তীব্ৰ সমালোচনা কৰে।

গগৈয়ে বিজেপিয়ে শাসনলৈ আহি জাতিধ্বংসী বিধেয়কৰ জৰিয়তে গোটেই পৃথিৱীৰ পৰা হিন্দু সকলক ভাৰতলৈ চপাই আনিবলৈ বিচাৰিছে বুলিও কটাক্ষ কৰে।

”অসমীয়া জাতিৰ প্ৰব্ৰজন বিৰোধী আন্দোলনক নস্যাত কৰি বিজেপি আৰু আৰ এছ এছে এতিয়া হিন্দু বাংলাদেশীক ৰাজনৈতিক ক্ষমতা দিব বিচাৰিছে যাৰ পৰিণতিত অসমৰ মুখ্য মন্ত্ৰীৰ চকীখন হিন্দু বাংলাদেশীয়ে দখল কৰিব,” গগৈৰ মন্তব্য।

আনহাতে, শুকুৰবাৰৰ পৰা কৃষক মু্ক্তি সংগ্ৰাম সমিতিয়ে পুনৰ বিধেয়ক বিৰোধী অভিযান আৰম্ভ কৰিব বুলি সংবাদমেলত গগৈয়ে জানিবলৈ দিয়ে।

শুকুৰবাৰে গুৱাহাটীৰ মেঘদূত ভৱনৰ সন্মুখৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নাগৰিকত্ব বিধেয়ক বিৰোধী প্ৰচাৰ অভিযান আৰম্ভ কৰিব বুলি উল্লেখ কৰি অখিল গগৈয়ে অসমৰ প্ৰতিখন গাঁও, চহৰ-নগৰ, চৰ অঞ্চলত বিধেয়ক বিৰোধী গোঁহাৰি বিতৰণ কৰিব বুলি কয়।

সংবাদমেলতে গগৈয়ে ৭০ টা জাতীয় সংগঠনক পুনৰবাৰ একত্ৰিত হৈ বিধেয়কৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ আহ্বান জনাই কৃষক নেতাগৰাকীয়ে।

নাগৰিকত্ব বিধেয়কৰ কথা উল্লেখ কৰি গগৈয়ে বিধেয়কখনে আটাইতকৈ অসমক বিপদত পেলাব বুলি কয়। মেঘালয়, ছিকিম, মিজোৰাম, অৰুণাচল আদি ৰাজ্য ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত হোৱা বাবে তাত হিন্দু বাংলাদেশীয়ে মাটি কিনিব নোৱাৰিব বুলি মন্তব্য কৰি অখিল গগৈয়ে এইবোৰ ৰাজ্য বিধেয়কৰ প্ৰভাৱৰ পৰা বাছি যাব বুলি জনায়।

উত্তৰ-পূবৰ অসম আৰু ত্ৰিপুৰাক নাগৰিকত্ব বিধেয়কে আটাইতকৈ বেছিকৈ ক্ষতিগ্ৰস্ত কৰিব বুলিও সংবাদ মেলত ঘোষণা কৰে কৃষক নেতাগৰাকীয়ে।

১৯১৫ চনৰ পৰা বৰ্তমানলৈ ১০৭ বছৰ ধৰি অসমত প্ৰব্ৰজনৰ বিৰোধিতা কৰি অহা হৈছে। অসমৰ ৰাজনীতি প্ৰব্ৰজনভিত্তিক বুলি উল্লেখ কৰি গগৈয়ে এসময়ত কংগ্ৰেছে মুছলমান তোষণ নীতি গ্ৰহণ কৰিছিল আৰু বৰ্তমানৰ বিজেপিয়ে হিন্দু বাংলাদেশী তোষণ নীতি গ্ৰহণ কৰিছে বুলি দুয়োটা দলকে সমালোচনা কৰে।

বাংলাদেশৰ পৰা যদিহে ১ কোটি ৭০ লাখ লোক নতুনকৈ অসমলৈ আহে তেনেহ’লে অসমত থকা ২০ লাখ হিন্দু বাংলাদেশীৰ সৈতে মিলি মুঠ হিন্দু বাংলাদেশীৰ সংখ্যা হ’ব ২ কোটি।

গগৈয়ে অসমত হিন্দু বাংলাদেশীৰ সংখ্যা ২ কোটি হ’লে অসমৰ পঞ্চায়তৰ পৰা আৰম্ভ কৰি লোকসভা প্ৰতিনিধিলৈ সকলোবো হিন্দু বাংলাদেশীৰ হাতলৈ যাব বুলি কোৱাৰ লগতে তেতিয়া অসমৰ মাতৃভাষা অসমীয়াৰ পৰা বঙালী হ’ব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।