চাইবাৰ ক্ৰাইম, কয়লা ছিণ্ডিকেট, ক’ক উদ্যোগ বেদখল, নিযুক্তি কেলেংকাৰীৰ কথা ওলালেই বাঘ মেকুৰী হৈ পৰে কিয়? – অখিল গগৈৰ সংবাদমেল

অসম এতিয়া আন্তঃৰাষ্ট্ৰীয় চাইবাৰ ক্ৰাইমৰ ঘাটিত পৰিণত হৈছে। আমেৰিকাৰ বৃহৎ চাইবাৰ অপৰাধৰ লগত জড়িত সুশীল সচদেৱাৰ অসম লিংক উদ্ধাৰ হৈছে।
আমেৰিকাৰ পৰা ২৫ হেজাৰ কোটি টকা লুটি নিয়া সুশীল সচদেৱাৰ সহযোগীসকল অসমত ধৰা পৰাৰ পাছতো অসম চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী অসমৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় চাইবাৰ ক্ৰাইমৰ অপৰাধীৰ ওপৰত বাঘৰ দৰে জঁপিয়াই পৰা নাই কিয়? এই প্রশ্ন উত্থাপন কৰিছে ৰাইজৰ দলৰ সভাপতি আৰু শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৷
গুৱাহাটীৰ নিজা বাসভৱনত দলটোৰ এজন সাধাৰণ সম্পাদক চিন্ময় বড়া উপস্থিত থকা সংবাদ মেলত ৰাইজৰ দলৰ সভাপতিজনে কয় যে ২০ বছৰ আগতে বিয়া পতা ‘অবৈধ স্বামী’ৰ ওপৰত বাঘৰ দৰে জঁপিয়াই পৰা অসমৰ মুখ্যমন্ত্ৰীয়ে এতিয়া অসমৰ প্রথমটো আন্তঃৰাষ্ট্ৰীয় চাইবাৰ ক্ৰাইমৰ অপৰাধী ধৰাৰ ক্ষেত্ৰত বাঘৰ দৰে আচৰণ কৰিব পৰা নাই। সকলো দালাল, দুৰ্নীতিগ্রস্ত আৰু ছিণ্ডিকেট পন্থীৰ ওপৰত বাঘৰ দৰে জঁপিয়াই পৰিম বুলি ঘোষণা কৰা অসমৰ মুখ্যমন্ত্ৰীয়ে সৰু অপৰাধৰ ক্ষেত্ৰত জঁপিয়াই জঁপিয়াই সংবাদ মেল অনুষ্ঠিত কৰে, কিন্তু আন্তঃৰাষ্ট্ৰীয় চাইবাৰ ক্ৰাইম, ছিণ্ডিকেট মাষ্টৰ বিধায়ক ভাস্কৰ শৰ্মাই বহিৰাগত বিনিয়োগকাৰীৰ উদ্যোগ কাঢ়ি লোৱাৰ অভিযোগ উঠাৰ পাছতো সেই বিষয়বোৰ উঠিলেই সেই বাঘটোৱে মেকুৰীৰ দৰে মেউ মেউহে কৰে। আনৰ উদ্যোগ কাঢ়ি লোৱা বুলি অভিযোগ উঠা ভাস্কৰ শৰ্মা, আন্তঃৰাষ্ট্ৰীয় চাইবাৰ ভক্ৰাইমৰ অসমৰ এজেণ্ট তছদিকুৰ ৰহমান, ছিণ্ডিকেটৰ লগত জড়িত বুলি অভিযোগ উঠা ছাত্ৰ নেতা মিলন বুঢ়াগোহাঁই, চাকৰি কেলেংকাৰীৰ লগত জড়িত অভিমুন্য দাস আদিৰ ওচৰ চাপিলেই হিমন্ত বিশ্ব শৰ্মা নামৰ বাঘটো মেকুৰীত পৰিণত হয়। অসমৰ সৰু সৰু অপৰাধৰ ক্ষেত্ৰত বাঘৰ দৰে গৰজি সদায় সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন্তঃৰাষ্ট্ৰীয় চাইবাৰ ক্ৰাইম, কয়লা ছিণ্ডিকেট, কোক উদ্যোগ দখল, অন্যান্য ছিণ্ডিকেট আৰু বিজেপি চৰকাৰ দিনৰ চাকৰি কেলেংকাৰী বা কেচ ফৰ জব বিষয়টো উত্থাপন হ’লেই মুখ হাত ভৰি সকলোবোৰ বন্ধ কৰি দিয়ে। হৈ পৰে এজন অভিনেতা। বাঘ গৈ মেকুৰীত পৰিণত হয়।
যোৱা ১৪ আৰু ১৫ ছেপ্তেম্বৰ, ২০২৩ তাৰিখে মহানগৰ আৰক্ষীয়ে গুৱাহাটীৰ বিভিন্ন স্থানত অভিযান চলাই ১০ টা অবৈধ কল চেণ্টাৰ উৎখাত কৰিছিল। গ্ৰেপ্তাৰ কৰিছিল ২ শতাধিক যুৱক-যুৱতীক ৷ এয়া আছিল গুৱাহাটী পুলিচ কমিচনাৰেটৰ অপৰাধবিৰোধী এক সফল অভিযান৷ অসম পুলিচ ইয়াৰ কাৰণে ধন্যবাদৰ পাত্ৰ । কাৰণ গ্ৰেপ্তাৰ হোৱাসকল আছিল আন্তঃৰাষ্ট্ৰীয় চাইবাৰ ক্ৰাইমৰ লগত জড়িত একাংশ অপৰাধী। এই কল চেণ্টাৰসমূহৰ পৰা লুণ্ঠন চলোৱা হৈছিল আমেৰিকাত। কল চেণ্টাৰ চনাই অহা তিনিজন বিশেষ যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। তেওঁলোক আছিল কৰিমগঞ্জৰ ডেভিদ দে’, পঞ্জাৱৰ ৰাজেন ছিদানা আৰু দিল্লীৰ দিব্যম অৰোৰা। কিন্তু যেতিয়াই এই গোচৰত অসমৰ একাংশ প্রতাপী আৰক্ষী বিষয়া জড়িত থকাৰ তথ্য ওলাবলৈ ধৰে আৰু শাসক বিজেপি দলৰ নেতা-পালিনেতাৰ লিংকো ধৰা পৰে তেতিয়াই অসমত ধৰা পৰা প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় চাইবাৰ ক্ৰাইমৰ তদন্তৰ গতি শামুকীয়া হ’বলৈ আৰম্ভ কৰে। পুলিচে বাৰম্বাৰ ঘোষণা কৰাৰ পাছতো সেই গোচৰক এতিয়া পৰ্যন্ত চিবিআই বা এফবিআইৰ হাতলৈ হস্তান্তৰ কৰা নহ’ল।
ডেভিদ দেৰ পৰা অসমৰ এগৰাকী আই পি এছ বিষয়াৰ পত্নীয়ে নিয়মীয়াকৈ প্রটেকশ্যন মানি লয় বুলি বাতৰি প্রকাশ পাইছিল। কিন্তু আই পি এছ বিষয়া গৰাকীৰ লগতে তেওঁৰ পত্নী এতিয়াও তদন্তৰ আওতালৈ নাহিল। সংবাদ মাধ্যমত প্রকাশ যে এই কল চেণ্টাৰবোৰ স্থাপনৰ আঁৰত অসমত যিগৰাকী মানুহ আছিল, তেওঁৰ নাম তছদিকুৰ ৰহমান ৷
এই তছদিকুৰ ৰহমান অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া এগৰাকীৰ পুত্ৰ ৷ তছদিকুৰ ৰহমান ১৪ ছেপ্টেম্বৰত আৰক্ষীয়ে অভিযান চলোৱাৰ পূৰ্বেই পলায়ন কৰে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, তছদিকুৰ ৰহমানে পলায়ন কৰা গাড়ীখনৰ নম্বৰ আছিল AS01FA4501 এই গাড়ীখন এতিয়াও আৰক্ষীৰ তদন্তৰ আওতালৈ অহা নাই। গাড়ীৰ গৰাকীকো আৰক্ষীয়ে তদন্তৰ আওতালৈ অনা নাই। কিয়নো এই গাড়ীখন এজন কুখ্যাত বিজেপি নেতাৰ ঘৰৰ গাড়ী ৷ একেটা গোচৰত আৰক্ষীয়ে ধলাই থানাৰ পৰা জব্দ কৰিছিল UP 16 CW 4583 নম্বৰৰ গাড়ীখন ৷ বাতৰি অনুসৰি এই গাড়ীখন চাইবাৰ অপৰাধী চক্ৰই কাছাৰৰ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াক উপহাৰ দিছিল। গাড়ীখনৰ গৰাকী হ’ল _ 18 Construction Co. নামৰ এটা কোম্পানী। সেই কোম্পানীটোৰ মালিক হ’ল চৰ্দাৰ সুখদ্বীপ সিঙ গান্ধী ওৰফে মগন গান্ধী। এওঁ কুখ্যাত আৰ এছ গান্ধীৰ কনিষ্ঠ পুত্ৰ। উপহাৰ দিয়া মগন গান্ধী আৰু উপহাৰ লোৱা আৰক্ষী বিষয়া কোনো এতিয়ালৈকে তদন্তৰ আওতালৈ অহা নাই ।
সংবাদ মেলত অখিল গগৈৰ প্ৰশ্ন, ধলাই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজন আৰু কাছাৰৰ এছপিজন ইয়াৰ পাচতো এতিয়ালৈকে গ্ৰেপ্তাৰ হোৱা নাই কিয়? দুৰ্নীতিৰ বিৰুদ্ধে বাঘৰ দৰে জঁপিয়াই পৰিম বুলি ঘোষণ৷ কৰা মুখ্যমন্ত্ৰী এই ক্ষেত্ৰত মেকুৰী হৈছে কিয় ? 18 Construction Co. নামৰ কোম্পানীটোৱে সমগ্ৰ অসমজুৰি কি কি ব্যৱসায় বাণিজ্য আছে তাৰ ওপৰত তদন্ত হ’বনে মুখ্যমন্ত্ৰী ডাঙৰীয়া বুলি অখিল গগৈয়ে প্ৰশ্ন উখখাপন কৰে।
চাইবাৰ অপৰাধী চক্ৰটোৱে আমেৰিকাৰ নাগৰিকক লুগ্ঠন চলাইছিল আৰু মানি লণ্ডাৰিঙৰ জৰিয়তে ধন সংগ্ৰহ কৰিছিল । এই অপৰাধীহঁতে কিমান পৰিমানৰ ধন লুটিব পাৰে সেয়া কল্পনাতীত। বাতৰি অনুসৰি, অসমৰ এই অবৈধ কল চেণ্টাৰৰ মূল মাষ্টাৰ মাইণ্ড আছিল দিল্লী নিবাসী অসমৰ লখিমপুৰৰ যুৱক সুশীল সচদেৱা। এই সুশীল সচদেৱাৰ গোচৰ চলি আছে আমেৰিকাৰ আদালতত ৷ আমেৰিকাৰ ন্যায়িক বিভাগত সুশীল সচদেৱাৰ বিৰুদ্ধে ২০২২ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰাই গোচৰ চলি আছে।
FBI ৰ তদন্তত প্রকাশ পোৱা অনুসৰি সুশীল সচদেৱাৰ লগতে ভাৰতৰ আন ৫ টা কোম্পানীয়ে আমেৰিকাৰ নাগৰিকৰ পৰা মুঠ ২৫ হাজাৰ কোটি টকা লুণ্ঠন কৰিছিল। সুশীল সচদেৱাৰ আৰ্হিত অসমত চলি থকা কল চেণ্টাৰৰ জৰিয়তে কিমান টকা লু্ঠন কৰা হৈছিল, সেয়া কল্পনাতীত। কিন্তু তাৰ পাছতো আন্তঃৰাষ্ট্ৰীয় চাইবাৰ ক্ৰাইমৰ গোচৰত কা কাক ৰক্ষণাবেক্ষণ দিবলৈ এতিয়ালৈকে চিবিআই বা এফবিআইৰ হাতত দিয়া নাই? মানুহৰ মাজত গুজব উঠিছে যে মুখ্যমন্ত্ৰীৰ এজন ঘনিষ্ঠ উচ্চ পদস্থ পুলিচ বিষয়া আৰু বিজেপি দলৰ একাংশ নেতা-পালিনেতাক ৰক্ষণাবেক্ষণ দিয়াৰ স্বাৰ্থতে আন্তঃৰাষ্ট্ৰীয় চাইবাৰ ক্ৰাইমৰ গোচৰটোৰ তদন্ত লেহেমীয়া হ’বলৈ আৰম্ভ কৰিছে।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি লু্ন্ঠনৰ ধন পাইছিল দুই নম্বৰী আৰক্ষী বিষয়া আৰু দুই নম্বৰী ধান্দাত জড়িত ৰাজনীতিকে। কিন্তু তদন্ত এই অপৰাধীবিলাকৰ ওচৰ পোৱাৰ লগে লগে তদন্ত গতি লেহেমীয়া হ’বলৈ আৰম্ভ কৰিলে। এতিয়া সন্দেহ হৈছে অসমক আন্তঃৰাষ্ট্ৰীয় চাইবাৰ ক্ৰাইমৰ ঘাটিত পৰিণত কৰা গোচৰৰ তদন্ত অচিৰেই বন্ধ হৈ পৰিব। কোনো যোৱা এমাহে তদন্তৰ আওতালৈ নাহিল।
অভিযোগ অনুসৰি বহিঃৰাজ্যৰ ব্যৱসায়ীৰ পৰা ক’ক উদ্যোগ কাঢ়ি ল’লে বিধায়ক ভাস্কৰ শৰ্মাই। এই তদন্তৰ ক্ষেত্রত মুখ্যমন্ত্ৰীয়ে মূৰ পোলাকা মাৰিছে। নিযুক্তি কেলেংকাৰীত নাম সাঙোৰ খোৱা অভিমন্যু দাসে পলায়ন কৰিলে। মুখ্যমন্ত্ৰী মৌন। ছিণ্ডিকেট কাণ্ডত ছাত্ৰ নেতা মিলন বুঢ়াগোহাঁই পলালে। এইবাৰ আন্তঃৰাষ্ট্ৰীয় চাইবাৰ ক্ৰাইমত জড়িত তছদিকুৰ ৰহমান পলালে। সৰু সুৰা অভিযুক্তক ৰাতিৰ আন্ধাৰত এনকাউণ্টাৰ কৰা অসম আৰক্ষীৰ চকুৰ সন্মুখেৰে দিনৰ পোহৰত পলাই গ’ল হাইপ্ৰ’’ফটাইল অভিযুক্তসকল। এয়াই অসমৰ আজিৰ দিনটোৰ প্রকৃত শাসন। এয়াই হিমন্ত বিশ্ব শৰ্মাৰ গৰ্ভাৰনেন্স ৷ এয়াই নেকি বিজেপি দলৰ দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ নীতি?
সংবাদ মেলত অখিল গগৈয়ে আন্তঃৰাষ্ট্ৰীয় চাইবাৰ ক্ৰাইম চিবিআই আৰু এফ বি আইৰ হাতত প্রদান কৰিবলৈ আৰু বিধায়ক ভাস্কৰ শৰ্মাৰ কয়লা আৰু ক’কৰ ছিণ্ডিকেট বন্ধ কৰিবলৈ তথা বিধায়ক ভাস্কৰ শৰ্মাই কাঢ়ি লোৱা বুলি অভিযোগ উঠা বহিঃৰাজ্যৰ ব্যৱসায়ীৰ ক’ক উদ্যোগ ঘূৰাই দিবলৈ ব্যৱস্থা কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীক সংবাদ মেলত দাবী উত্থাপন কৰে।