Home › অসম উপ নিৰ্বাচনত বাহুবল-ধনবল আৰু EVM টেম্পাৰিং কৰি জয়ী হ’ল বিজেপি : অখিল গগৈ November 3, 2021 3:52 pm · কল্পজ্যোতি শইকীয়া, গুৱাহাটী বুধবাৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে দলৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত এক সংবাদ মেল সম্বোধন কৰে । উক্ত সংবাদমেলতে বিজেপি কেনেকৈ উপ নিৰ্বাচনত জয়ী হ’ল সেই কথা উল্লেখ কৰে গগৈয়ে। তেওঁ বিজেপিৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ তুলি কয় “এইবাৰ উপ নিৰ্বাচনত বাহু বল আৰু ধন বলৰ খতুৱাইছে বিজেপিয়ে ।EVM টেম্পাৰিং কৰি জয় হ’ল বিজেপি । নিৰ্বাচন আয়োগকো তেওঁলোকে ব্যবহাৰ কৰিছে, কিয়নো বাৰম্বাৰ নিৰ্বাচন আয়োগক বিজেপিৰ বিৰুদ্ধে অভিযোগ দিয়াৰ পাছতো কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ।” অখিল গগৈৰ মতে “বিজেপিৰ জয় প্ৰকৃত জয় নহয় । এয়া বাহু বলৰ জয় ।ইপিনে, এই নিৰ্বাচনত বিজেপিয়ে ৫০ কোটি টকা খৰচ কৰিছে বুলি গুৰুতৰ অভিযোগ তুলি অখিলে কয় “কিন্তু আমি সামান্য ধনেৰে নিৰ্বাচনত যুজ দিছিলোঁ ।” ২০২৬ ত বিজেপি ক পৰাভূত কৰাৰ বাবে ৰাইজৰ দলৰ প্ৰতিজন কাৰ্যকৰ্তাক কাম কৰাৰ আহ্বান অখিল গগৈৰ । ইপিনে, থাওৰা আৰু মৰিয়নি সমষ্টিত ৰাইজক ধন্যবাদ জনাই তেওঁ কয় “থাওৰাৰ ৰাইজৰ দলৰ কোনো সাংগঠনিক ভেটি নাছিল মাত্ৰ ৪১ টা দিন তাত সাংগঠনিক কাম কৰিবলৈ সুবিধা পাইছিলো তাৰ পাছত এই ভোট আমাৰ বাবে আশীৰ্বাদ ।” “থাওৰা ত আমি পৰাজয় বৰণ কৰিলেও আমি কও এয়া ভবিষ্যত বিজয়ৰ আধাৰশিলা এই নিৰ্বাচন ।” অখিল গগৈয়ে এইদৰে কয়। অখিলৰ মতে, উজনি অসমত ৰাইজৰ দল শক্তিশালী বিৰোধী হিচাপে পৰিগণিত হৈছে । উজনিত বিজেপি দল ৰ বিকল্প হিচাপে ৰাইজৰ দলক গ্ৰহণ কৰিছে। ২০২৪ ৰ লোকসভা নিৰ্বাচনতো প্ৰত্যাহ্বান জনাব ৰাইজৰ দলে । ‹ বহিৰাগত IAS বিষয়াৰ হাতত প্ৰহৃত অসমীয়া পঞ্জীয়ক! বঙাইগাঁৱত মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ ৩১ সংখ্যক… › Related News১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেইJuly 10, 2026 8:46 pm · এন ই নাও নিউজ, গুৱাহাটীষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবীJuly 10, 2026 8:05 pm · এন ই নাও নিউজ, গুৱাহাটীভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰJuly 10, 2026 7:41 pm · এন ই নাও নিউজ, গুৱাহাটীধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যুJuly 10, 2026 6:10 pm · এন ই নাও নিউজ, গুৱাহাটীউচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণJuly 10, 2026 5:29 pm · এন ই নাও নিউজ, গুৱাহাটী